কেৰালাত চিনাক্ত ক’ভিড উপ-প্রকৰণ ‘জেএন.১’
🔹 সূক্ষ্ম নিৰীক্ষণ, সতর্কতা–সজাগতা অৱলম্বন উদ্বিগ্ন চৰকাৰৰ
বিশেষ বাৰ্তা, ১৭ ডিচেম্বৰ : মানৱ জাতিৰ প্রতি প্রত্যাহ্বান নমোৱা ক’ভিড–১৯ মহামাৰীৰ সংক্রমণ প্রায় সমাপ্তিৰ দিশে গৈছিল যদিও শেহতীয়াভাৱে এই মহামাৰী ভাইৰাছটোত আক্রান্তৰ সংখ্যা বিশ্বৰ প্রান্তে প্রান্তে পুনৰ আৰম্ভ হৈছে৷ ভাৰততো শনিবাৰে ৩০০তকৈ অধিক লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে এই তথ্য প্রকাশ কৰিছে৷ ইপিনে, কেৰালাত ক’ভিডৰ নতুন উপ-প্রকৰণ ‘জেএন.১’ চিনাক্ত হৈছে৷ এই নতুন উপ–প্রকৰণটোক লৈ উদ্বিগ্ন হৈছে কেৰালা চৰকাৰ৷ দ্রুত গতিত সংক্রমণ বৃদ্ধি পোৱা আৰু মানৱ দেহৰ প্রতিৰোধ ক্ষমতা সহজতে নাশ কৰিব পৰা এই নতুন উপ–প্রকৰণটো সন্দর্ভত চৰকাৰে সূক্ষ্ম নিৰীক্ষণ, সতর্কতা আৰু সজাগতা অৱলম্বন কৰিছে৷ তথ্য মতে, উপ–প্রকৰণ ‘জেএন.১’ কেৰালাৰ ৭৯ বছৰীয়া মহিলা এগৰাকীৰ দেহত ধৰা পৰিছে৷ ইয়াৰ পূর্বে ছিংগাপুৰৰ পৰা ভাৰতলৈ অহা যাত্রী এগৰাকীৰ দেহত চিনাক্ত হৈছে৷ কেৰালাৰ মহিলাগৰাকীৰ দেহত উপ–প্রকৰণ ‘জেএন.১’ৰ সংক্রমণ চিকিৎসকে ধৰা পেলোৱাৰ পিছতে সমগ্র ৰাজ্যৰ চিকিৎসালয়ত ইনফ্লুৱেঞ্জাসদৃশ ৰোগত আক্রান্ত ৰোগীক সূক্ষ্ম নিৰীক্ষণৰ নির্দেশ দিয়া হৈছে৷ সন্দেহজনক ৰোগীৰ আৰ টি পি চি আৰ পৰীক্ষণ কৰিবলৈ নির্দেশ দিয়া হৈছে৷