প্ৰবীণ অভিনেত্ৰী তনুজা মুখাৰ্জী মুম্বাইৰ চিকিৎসালয়ত ভৰ্তি
বিশেষ বাৰ্তা, ১৮ ডিচেম্বৰ : হঠাৎ অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে প্ৰবীণ অভিনেত্ৰী তনুজা মুখাৰ্জীক। জানিব পৰা মতে, মুম্বাইৰ জুহুৰ এখন চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছে অভিনেত্ৰীগৰাকীক । জানিব পৰা মতে, বাৰ্ধক্যজনিত কাৰণত দেওবাৰে নিশা ৮০ বছৰীয়া অভিনেত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। লগে লগে বিশেষ চিকিৎসা ব’ৰ্ড গঠন কৰি তেওঁৰ চিকিৎসা আৰম্ভ হয়। অৱশ্যে বৰ্তমান তনুজাৰ শাৰীৰিক অৱস্থা সুস্থিৰ বুলি কোৱা হৈছে। অভিনেত্ৰীগৰাকীৰ অসুস্থতাৰ খবৰ পাই কন্যা কাজল আৰু জোঁৱাই অজয় দেৱগনো চিকিৎসালয়ত উপস্থিত হয়। সকলোৱে অভিনেত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰে। ডক্তৰে জনোৱা মতে, চিন্তাৰ কোনো কথা নাই। প্ৰথম চিকিৎসাৰ পিছতে তনুজা ভাল হৈ আহিছে।