নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিষাক্ত দেহ লৈ কৰাচীৰ চিকিৎসালয়ত ডাউদ ইব্ৰাহিম

🔹 কোনে চলালে ডাউদক হত্যাৰ চেষ্টা ?

বিশেষ বাৰ্তা, ১৮ ডিচেম্বৰ : মুম্বাইৰ ধাৰাবাহিক বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড ডাউদ ইব্ৰাহিম চিকিৎসালয়ত ভৰ্তি হৈ আছে। সংবাদ সংস্থাৰ খবৰ অনুসৰি, ডাউদক বিষাক্ত দ্ৰব্য খুওৱাই হত্যাৰ চেষ্টা চলোৱা হৈছিল ! বিষক্ৰিয়াৰ বাবে তেওঁক কৰাচীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল। সমগ্ৰ চিকিৎসালয়খন কটকটীয়া নিৰাপত্তাৰ মাজত আবদ্ধ হৈ পৰিছে। আণ্ডাৰৱৰ্ল্ড ডনৰ অসুস্থতাৰ খবৰ পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ পাকিস্তানত ইণ্টাৰনেট সেৱাও ব্যাহত হৈ পৰে। অৱশ্যে ডাউদৰ অসুস্থতাৰ বিষয়ে আনুষ্ঠানিকভাৱে একো খবৰ পোৱা হোৱা নাই। মন কৰিবলগীয়া যে যোৱা কেইমাহমানৰ ভিতৰত পাকিস্তানত বসবাস কৰা কেইবাজনো উগ্ৰপন্থী নেতাৰ মৃত্যু হৈছে, যিসকল ভাৰতবিৰোধী বুলি জনা যায়। এনে পৰিস্থিতিত ডাউদৰ অসুস্থতাৰ খবৰে আন্তৰ্জাতিক সমাজত আলোড়নৰ সৃষ্টি কৰিছে। সূত্ৰ অনুসৰি, ডাউদক দুদিন পূৰ্বে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁৰ বাবে চিকিৎসালয়খনৰ এটা মহলা সম্পূৰ্ণৰূপে খালী কৰা হৈছে। ডাউদক ডাক্তৰ আৰু পৰিয়ালৰ মানুহৰ বাহিৰে আন কোনেও লগ কৰিব নোৱাৰে। সূত্ৰ অনুসৰি তেওঁৰ শাৰীৰিক অৱস্থা সংকটজনক। অৱশ্যে এই সন্দৰ্ভত ডাউদৰ পৰিয়ালে বা কৰাচীৰ চিকিৎসালয়খনে একো জনোৱা নাই। প্ৰশ্ন হয়- কোনে চলালে ডাউদক হত্যাৰ চেষ্টা ?

You might also like