ভাৰতত ক’ৰোনাত ৫জনৰ মৃত্যু, নতুন ভেৰিয়েন্টক লৈ চিন্তিত WHO
বিশেষ বাৰ্তা, ১৮ ডিচেম্বৰ : সমগ্ৰ দেশত পুনৰ আৰম্ভ হৈছে ক’ৰোনাৰ আতংক। মাৰাত্মক ক’ৰোনাৰ বাবে এদিনতে ৫জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ২৪ ঘন্টাত ৩৩৫জন লোক Covidত আক্ৰান্ত হয়। সমগ্ৰ দেশতে সক্ৰিয় ৰোগীৰ সংখ্যা প্ৰায় ২ হাজাৰ হৈছেগৈ। স্বাস্থ্য মন্ত্ৰালয়ে দেশবাসীক সাৱধান হ’বলৈ নিৰ্দেশ দিছে। কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে। কেইবাখনো দেশত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত WHO-এ জাৰি কৰিছে সতৰ্কবাণী। স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, দেওবাৰে সমগ্ৰ দেশতে ৫জন Covid ৰোগীৰ মৃত্যু হয়। ইয়াৰে চাৰিজন কেৰালাৰ। উত্তৰ প্ৰদেশতো এজন covid ৰোগীৰ মৃত্যু হয়। লগতে ৩৩৫জন লোক আক্ৰান্ত হৈছে এই মাৰাত্মক ভাইৰাছত। ক’ৰোনাৰ নতুন উপ-প্ৰকৰণবিধৰ নাম JN.1। এই ভাইৰাছৰ এই নতুন প্ৰকৰণ কেৰালাৰ এগৰাকী বৃদ্ধাৰ শৰীৰত পোৱা গৈছিল। সমগ্ৰ দেশতে ক’ৰোনাৰ উত্থানৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্ক হৈ পৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়। অৰ্থনীতিৰ ক্ষতি নকৰাকৈ কেনেকৈ জনস্বাস্থ্য বজাই ৰাখিব পাৰি, সেই বিষয়ে বিভাগটোৰ বিষয়াসকলে চিন্তাচৰ্চা কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই কয় যে ছিংগাপুৰকে ধৰি বহু দেশত Covidৰ সংক্ৰমণ বৃদ্ধি পাইছে। বৰদিনৰ আশে-পাশে উৎসৱৰ বতৰত সাধাৰণ জনতাক বিশেষভাৱে সজাগ হ’বলৈ কোৱা হৈছে। কেৱল covidৰ বাবেই নহয়, ইনফ্লুৱেঞ্জাৰ দৰে ৰোগৰ পৰাও সাৱধান হ’বলৈ WHO-ই পৰামৰ্শ আগবঢ়াইছে।