কভিডৰ নতুন ভেৰিয়েণ্টত আক্ৰান্ত ভাৰতীয় : ৰাজ্য চৰকাৰলৈ সতৰ্কতা
বিশেষ বাৰ্তা, ১৮ ডিচেম্বৰঃ কোৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি আৰু ভাৰতত JN.1 ভেৰিয়েন্টৰ প্ৰথমটো ৰোগী ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত আজি ৰাজ্যসমূহলৈ এক পৰামৰ্শ জাৰি কৰে কেন্দ্ৰই। ৰাজ্যসমূহক কভিড পৰিস্থিতিৰ ওপৰত অহৰহ নিৰীক্ষণ বজাই ৰাখিবলৈ অনুৰোধ জনোৱা হৈছে। ৰাজ্যসমূহে জিলাভিত্তিক এলএআৰআই আৰু আই এল আইৰ ক্ষেত্ৰত নিয়মীয়াকৈ ৰিপৰ্ট আৰু নিৰীক্ষণ কৰিব লাগিব। ৰাজ্যসমূহক বৃহৎসংখ্যক আৰটিপিচিআৰ পৰীক্ষাকে ধৰি পৰ্যাপ্ত পৰীক্ষা নিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল। লগতে জিনম ক্ৰমবিন্যাসৰ বাবে ইন্সাক’গ পৰীক্ষাগাৰলৈ পজিটিভ নমুনা প্ৰেৰণ কৰাৰ পৰামৰ্শ দিয়া হৈছিল। শেহতীয়াকৈ ক’ভিড-১৯ ৰোগীৰ উত্থান আৰু ভাৰতত JN.1 ভেৰিয়েণ্টৰ প্ৰথম ৰোগী ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰই ৰাজ্যসমূহলৈ পৰামৰ্শ প্ৰদান কৰে। ৰাজ্যসমূহে ক’ভিড পৰিস্থিতিক লৈ অহৰহ সতৰ্ক অৱস্থা বজাই ৰাখিবলৈ আহ্বান জনায়। খবৰ অনুসৰি যোৱা ৮ ডিচেম্বৰত কেৰালাত প্ৰথমজন Covid-19 sub-variant JN.1 ৰোগী ধৰা পৰে। ইয়াৰ দ্বাৰা আক্ৰান্তগৰাকী এগৰাকী ৭৯ বছৰীয়া মহিলা। কিছুদিন পূৰ্বে ছিংগাপুৰত থকা এজন ভাৰতীয় যাত্ৰীও JN.1 ছাব-ভেৰিয়েণ্টত আক্ৰান্ত হোৱা দেখা গৈছিল। তেওঁৰ ঘৰ তামিলনাডুৰ তিৰুচিৰাপল্লীত। অক্টোবৰ মাহত ছিংগাপুৰলৈ গৈছিল ব্যক্তিজন। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত ২৬০জন নতুনকৈ কৰ’না ভাইৰাছ সংক্ৰমণ পঞ্জীয়ন হোৱাৰ বিপৰীতে সক্ৰিয় ৰোগী ১,৮২৮লৈ বৃদ্ধি পাইছে।
#বাৰ্তা ডেস্ক