বিশেষ বাৰ্তা, ১৯ ডিচেম্বৰ : মহানগৰীৰ ফটাশিলত দিন-দুপৰতে বনৰজাৰ আগমন। এটা ঘৰৰ ভিতৰত পুৱাই বাঘটোৱে আশ্ৰয় লয়। জি এছ কলনীত বাঘটোৰ আক্ৰমণত এজন লোক আহত হয়। বন বিভাগ আৰু আৰক্ষীক স্থানীয় লোকে খবৰ দিয়াত তেওঁলোকে উপস্থিত হৈ বাঘটোক ট্ৰেংকুলাইজ কৰাৰ চেষ্টা চলায়। বাঘৰ সন্ত্ৰাসত স্থানীয় ৰাইজ আতংকিত হৈ পৰে। বাঘটোক ট্ৰেংকুলাইজ কৰিবলৈ যাওঁতে দুজন বন বিভাগৰ লোকক আক্ৰমণ কৰে নাহৰফুটুকীটোৱে। ফটাশিলত বাঘৰ আতংক বিৰাজ কৰিলেও বহু লোকৰ সমাগম হয় বাঘটোক চাবলৈ। অৱশেষত বাঘটোক ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয় বন বিভাগে।