নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভুৱা ডাক্তৰৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ মাৰাথন অভিযান

বাৰ্তা বুৰো, মৰিগাঁও, ১৯ ডিচেম্বৰঃ ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান ব্যাপক অভিযান চলাইছে মৰিগাঁও আৰক্ষীয়ে। মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত আৰক্ষীৰ অভিযানকাৰী দলে আজি মৰিগাঁৱত আটক কৰে লাহৰীঘাটৰ কুখ্যাত দিলদাৰ হুছেইন ওৰফে (পাগলা ডাক্তৰ) নামৰ এজন ব্যক্তি । লাহৰীঘাট (SDMO) স্বাস্থ্য বিষয়াগৰাকীৰ অভিযোগৰ ভিত্তিত লাহৰীঘাট থানাৰ 305/23 গোচৰৰ ভিত্তিত আটক কৰে মৰিগাঁও আৰক্ষীয়ে। লাহৰীঘাটৰ এখন ফাৰ্মাচীৰ ওপৰত অবৈধভাৱে দীৰ্ঘদিন ধৰি চিকিৎসা চলাই আহিছিল আটকাধীন লোকজনে। উল্লেখ্য আৰক্ষীকো ভয় নকৰোঁ বুলি সততে ঘোষণা কৰি অহা এই পাগলা ডাক্তৰ বহু বছৰৰ পিছত মৰিগাঁও আৰক্ষীৰ হাতত পৰিছে। উল্লেখ্য তেওঁৰ বিৰুদ্ধে বহু কেইটা অভিযোগ লাভৰ পিছতে তৎপৰ হৈ পৰা মৰিগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই কয় যে যদিহে তেওঁ নিজৰ অৰ্হতাৰ প্ৰমাণ দাখিল কৰিব নোৱাৰে তেনেহলে শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হব।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like