নিলাম কঁপালে ষ্টাৰ্কে : ইতিহাসৰ দামী খেলুৱৈ হিচাপে চিহ্নিত
বিশেষ বাৰ্তা, ১৯ ডিচেম্বৰঃ অষ্ট্ৰেলিয়াৰ বেগী বলাৰ মিচেল ষ্টাৰ্ক আই পি এলৰ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল খেলুৱৈ হিচাপে পৰিগণিত হৈছে। কলকাতা নাইট ৰাইডাৰ্ছৰ দলে ২৪ কোটি ৭৫ লাখ টকা দি এই খেলুৱৈগৰাকীক নিজৰ দলত অন্তৰ্ভুক্ত কৰিছে। কলকাতাৰ উপৰি গুজৰাট টাইটানছেও এই খেলুৱৈগৰাকীৰ বাবে ২৪.৫০ কোটি টকা পৰ্যন্ত নিবিদা দিছিল। আজি অনুষ্ঠিত নিলামত অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সক ছানৰাইজাৰ্ছ হায়দৰাবাদে ২০.৫০ কোটি টকাত ক্ৰয় কৰিছিল যদিও কম সময়ৰ ভিতৰতে ষ্টাৰ্কে কামিন্সৰ অভিলেখ ভংগ কৰিছিল। অষ্ট্ৰেলিয়াৰ বেগী বলাৰ মিচেল ষ্টাৰ্কে যোৱা ৮ বছৰ ধৰি আই পি এল খেলা নাছিল। এইবাৰ তেওঁ আই পি এলত ২ কোটি টকাৰ ভিত্তি মূল্যত নাম পঞ্জীয়ন কৰিছিল। আই পি এল ২০২৪ৰ নিলামত যেতিয়া তেওঁৰ নাম আহিছিল, তেতিয়া দিল্লী কেপিটেলছে প্ৰথমে তেওঁৰ নামত নিলাম আৰম্ভ কৰিছিল। দিল্লীৰ লগতে মুম্বাই ইণ্ডিয়ানেও ষ্টাৰ্কৰ বাবে বহুত দৰদাম কৰিছিল যদিও তাৰ পিছত মিচেল ষ্টাৰ্কৰ বাবে প্ৰকৃত যুদ্ধ আৰম্ভ হৈছিল কলকাতা নাইট ৰাইডাৰ্ছ আৰু গুজৰাট টাইটানছৰ মাজত। কলকাতা আৰু গুজৰাট দুয়োটা দলৰ হাতত আছিল ৩১ কোটিতকৈ অধিক, গতিকে দুয়োটা দলে ২০ কোটি টকাৰ ওপৰলৈকে ননষ্টপ বিড দিছিল। পেট কামিন্সৰ ২০.৭৫ কোটি টকাৰ অভিলেখ ভংগ কৰি অৱশেষত ২৪.৭৫ কোটি টকা দি কলকাতা নাইট ৰাইডাৰ্ছে মিচেল ষ্টাৰ্ক নিজৰ দলত অন্তৰ্ভুক্ত কৰে। ২০১৫ চনত শেষবাৰৰ বাবে আই পি এল খেলিছিল মিচেল ষ্টাৰ্কে।
#বাৰ্তা ডেস্ক