নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপথাৰত বৰ্বৰ কাণ্ড : পিতৃয়ে গচকি হত্যা কৰিলে পুত্ৰক

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰ : গোলাঘাটৰ বৰপথাৰ থানাৰ অন্তৰ্গত ওপৰলাংঠা গাঁৱত কালি নিশা মানৱ সমাজক ভূলুণ্ঠিত কৰা এক শোকাৱহ ঘটনা সংঘটিত হয়। উল্লেখ্য যে পিতৃয়ে গচকি গচকি হত্যা কৰিলে চাৰি বছৰীয়া সন্তানক। বৰপথাৰ থানাৰ অন্তৰ্গত ওপৰলাংঠা গাঁৱত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। নিজগৃহত তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত আইতাকে প্ৰত্যক্ষ কৰে শিশুটিৰ মৃতদেহ। আইতাকৰ ভাষ্য অনুসৰি সন্তানটিয়ে কান্দি থকাৰ বাবেই অত্যধিক মদ্যপান কৰি থকা পিতৃ প্ৰশান্ত হাওয়ে গচকি গচকি হত্যা কৰে একমাত্ৰ পুত্ৰক। উল্লেখযোগ্য যে পিতৃয়ে পুত্ৰক হত্যা কৰি নিজ গৃহৰ চৌহদত থকা বালিত শিশুটিৰ মৃতদেহ পুতিবলৈ চেষ্টা কৰিছিল নিৰ্দয় পিতৃ প্ৰশান্ত হাৱে। আনহাতে ঘটনাৰ কথা স্থানীয় এজন যুৱকে স্থানীয় গাঁওৰক্ষী বাহিনীক খবৰ দিষাত গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজ উপস্থিত হৈ বৰপথাৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিশাই পিতৃ প্ৰশান্ত হাওক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। মন কৰিবলগীয়া যে মাতৃ এলিচা হাও আৰু দুই কন্যা চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰত কৰ্মসূত্ৰে থাকে। আনহাতে পূৰ্বতেও বিভিন্ন অপৰাধমূলক কাৰ্যত লিপ্ত থকাত কেইবাবাৰো জেললৈ গৈছে পিতৃ প্ৰশান্ত হাও। প্ৰশান্ত হাৱৰ মাতৃয়ে জানিবলৈ দিয়া মতে পূৰ্বতেও প্ৰশান্তই ওপৰলাংঠা গাঁৱত থকা মাতৃৰ নিজা গৃহত প্ৰশান্ত মাজে মাজেহে উপস্থিত হয় আৰু যিদিনাই উপস্থিত হয় আইতাকৰ সৈতে থকা প্ৰশান্তৰ লগতে নিজ মাতৃকো নানা ধৰণৰ নিৰ্যাতন চলাই বুলি জানিবলৈ দিয়ে। এনেধৰনৰ লোমহৰ্ষক ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চ্যলৰ সৃষ্টি কৰাৰ লগতে দোষীক উচিত শাস্তিৰ দাবী কৰিছে স্থানীয় ৰাইজে।

প্ৰেৰক বিষ্ণু কমল শইকীয়া

You might also like