নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাপ্য ধন বিচৰাৰ বাবেই মোমায়েকে কাটিলে ভাগিনক

বিশেষ বাৰ্তা, ২০ ডিচেম্বৰঃ গোলাঘাটত আজি সংঘটিত হয় এক লোমহৰ্ষক ঘটনা। কেৱল ধনৰ বাবেই নিজ মোমায়েকৰ আক্ৰমণত ধৰাশায়ী হ’ল ভাগিনীয়েক ৷ প্ৰাপ্ত তথ্য অনুসৰি গোলাঘাটৰ আধাৰসত্ৰৰ নিবাসী কাচিমুদ্দিন আহমেদে (৩৫) নিজ সন্তানক বিদ্যালয়লৈ লৈ গৈ থকাৰ সময়তে গোলাঘাটৰ তেলিশাল দলঙৰ ওচৰত নিজ মোমায়েক চফিকুল হুছেইনে দাৰে তিনি ঘাপ মাৰে ভাগিনীয়েকক৷ ঘটনা সংঘটিত হোৱাৰ পিছত আঘাতপ্ৰাপ্ত কাচিমুদ্দিনক ততাতৈয়াকৈ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ আঘাতপ্ৰাপ্ত কাচিমুদ্দিনে উল্লেখ কৰা অনুসৰি মোমায়েক চফিকুলৰ পৰা তেওঁ ৩৫ হাজাৰ টকা পাবলৈ আছিল আৰু পাবলৈ থকা পইচা বিচৰাৰ বাবেই মোমায়েকে আক্ৰমণ কৰে বুলি উল্লেখ কৰে৷ ইতিমধ্যে ঘটনাত আঘাতপ্ৰাপ্ত কাচিমুদ্দিনৰ পৰিয়ালে গোলাঘাটৰ ঢেকীয়াল আৰক্ষী চকীত মোমায়েকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে৷ ঢেকীয়াল আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ বুজ লৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা হৈছে ৷

প্ৰেৰক দিগন্ত কুমাৰ বৰা

You might also like