নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কল্পনাৰ সাগৰত উটিভাহি আছে কংগ্ৰেছ : বিধায়ক পদ্ম হাজৰিকা

🟢চাৰিদুৱাৰত বিজেপিৰ উদ্যোগত বিশাল গণ সমাৱেশ

🟢শতাধিক কংগ্ৰেছীৰ বিজেপিত যোগদান

🟢বিজেপিৰ প্ৰতি ৰাইজৰ বিশ্বাস দিনকদিনে বাঢ়িছে

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰ : “চতিয়া সমষ্টিত বিৰোধী কংগ্ৰেছৰ কোনো অস্তিত্ব নাই। কংগ্ৰেছে শূন্যত গদা ঘূৰাই লাভ নাই। কংগ্ৰেছে কেৱল কল্পনাৰ সাগৰত উটি ভাহি থকাহে পৰিলক্ষিত হৈছে। কংগ্ৰেছৰ কেইজনমান নেতাৰ মুখৰ বাহিৰে একো নাই, এই মুখকেইখনেহে বকি থাকে। কোনো পৰ্যায়তে আজি কংগ্ৰেছৰ ভেটি নাই। এনেদৰে থাকিলে এদিন কংগ্ৰেছ অতীত হ’ব। কংগ্ৰেছে ইতিমধ্যে ভৰিৰ তলৰ মাটি হেৰুৱাইছে। তেওঁলোকৰ কোনো গণভিত্তি নাই। অহাবাৰ লোকসভা নিৰ্বাচনত চতিয়া সমষ্টিৰ পৰা বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থীগৰাকীক আমি এক লাখ ভোট উপহাৰ হিচাপে দিম। বিজেপিৰ প্ৰতি ৰাইজৰ বিশ্বাস দিনকদিনে বাঢ়িছে।” -এই মন্তব্য চতিয়াৰ (সদ্যঘোষিত নদুৱাৰ সমষ্টি) বিধায়ক পদ্ম হাজৰিকাৰ। আজি চতিয়া সমষ্টিৰ চাৰিদুৱাৰৰ চেঙেলীমাৰীত চাৰিদুৱাৰ মণ্ডল বিজেপিৰ উদ্যোগত অনুষ্ঠিত এক বিশাল গণ সমাৱেশ আৰু যোগদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এইদৰে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে। উক্ত গণসমাৱেশত বিধায়কগৰাকীৰ উপস্থিতিত কংগ্ৰেছৰ শতাধিক লোকে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। উল্লেখ্যে যে মূল সভাৰ পূৰ্বে বালিপৰাৰ পৰা চেঙেলীমাৰী খেলপথাৰলৈ এক বিশাল বাইক ৰেলী উলিওৱা হয়। ৰেলীত অংশগ্ৰহণকাৰীসকলে বিজেপি জিন্দাবাদ, পদ্ম হাজৰিকা জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ ইত্যাদি বিভিন্ন শ্লোগান দিয়ে।

প্ৰেৰক প্ৰাঞ্জল বৰা

You might also like