অসম ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপ উদ্বোধন মন্ত্রী পীয়ূষ হাজৰিকাৰ
বিশেষ বাৰ্তা, ২২ ডিচেম্বৰ : সদৌ অসম কাৰাটে সন্থাৰ উদ্যোগত সৰুসজাই ক্রীড়া প্রকল্পৰ কর্মবীৰ নবীন চন্দ্র বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা অসম ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপৰ উদ্বোধনী অনুষ্ঠান আজি সন্ধিয়া ৫ বজাত বর্ণাঢ্য কার্যসূচীৰে অনুষ্ঠিত হয় ৷ ৰাজ্যৰ জলসম্পদ, জনসংযোগ আদি বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাই মুখ্য অতিথি হিচাপে উপস্থিত থকা এই উদ্বোধনী অনুষ্ঠানত কমলপুৰ সমষ্টিৰ বিধায়ক তথা সদৌ অসম কাৰাটে সন্থাৰ সভাপতি দিগন্ত কলিতা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র কল্যাণ বিভাগৰ সঞ্চালক ড০ ৰঞ্জন কাকতি, নর্থ হষ্ট কাৰাটে এছ’চিয়েচনৰ সম্পাদক উদয় শ্বাহ, অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক ভৱজ্যোতি গোস্বামী, হীৰেন গগৈ, চি ই অ’ গৌতম চৌধুৰীকে ধৰি আন বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ প্রতিযোগিতাখনত প্রথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছে ভিডিঅ’ ৰিভিড ছিষ্টেম আৰু ‘জয়ষ্টিক’৷ ল’ৰা আৰু ছোৱালী উভয়ে ছাব জুনিয়ৰ, কেডেট, জুনিয়ৰ, ২১ অনূর্ধ্বৰ আৰু ছিনিয়ৰ পর্যায়ত কাটা আৰু কুমিটে শাখাত অনুষ্ঠিত হোৱা প্রতিযোগিতাখনত অংশগ্রহণ কৰিছে৷ প্রতিযোগিতাস্থলীত খেলুৱৈ, প্রশিক্ষককে ধৰি প্রায় ৫ হাজাৰ লোকৰ সমাগম হোৱাৰ লগতে কেইবাসহস্র অভিভাৱক উপস্থিত থাকে৷ উদ্বোধনী অনুষ্ঠানত মন্ত্রী হাজৰিকাই খেলুৱৈসকলক উদ্দেশ্যি শুভেচ্ছামূলক বক্তব্য ৰখাৰ লগতে সভাপতি দিগন্ত কলিতায়ো সকলো জিলাৰ খেলুৱৈ, প্রশিক্ষক, অভিভাৱকসকলক আদৰণি জনাই প্রতিযোগিতাখন সফল কৰাত সকলোৰে সহযোগিতা কামনা কৰে৷ প্রতিযোগিতাখন ২৪ ডিচেম্বৰত সামৰণি পৰিব৷