🔹 আহ্বায়ক সমিতিৰ আদৰ অবিহনে কোনো শিল্পী-থিয়েটাৰ আগবাঢ়ি নাযায় : মৃদুল ভূঞা
নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰ : কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত বেজেৰাৰ মান্দাকাটাত ভ্ৰাম্যমাণ নাট্য জগতৰ নৱতম সংযোজন ৰাজধানী থিয়েটাৰৰ মুখ্য কাৰ্যালয় কালি মুকলি কৰা হয়। বন্তি প্ৰজ্বলন আৰু কাৰ্যালয় মুকলি কৰে বিশিষ্ট নাট্যকাৰ হেমন্ত দত্তই। অনুষ্ঠানত বিশিষ্ট অভিনেতা মৃদুল ভূঞাই উপস্থিত থাকি কয় যে নতুন থিয়েটাৰ নতুন পৰিৱেশ, আশা আৰু সপোন লৈ ৰাজধানী থিয়েটাৰৰ জন্ম হৈছে। ৰাজধানী থিয়েটাৰৰ মুখ্য কাৰ্যালয় ল’বৰ দিনাই এটা নতুন পৰিৱেশ পাইছোঁ, য’ত থিয়েটাৰৰ আৰম্ভণিত হয়। আজিয়ে বহুত আহ্বায়ক সমিতিৰে ভৰি পৰিছে, যিটো মই ২৫-৩০টা বছৰে দেখা নাই । আহ্বায়ক সমিতিৰ আদৰ অবিহনে কোনো থিয়েটাৰ-শিল্পী আগবাঢ়ি যাব নোৱাৰে। নতুন থিয়েটাৰক বহুতে সন্দেহৰ চকুৰে চায়। লগতে তেওঁ কয়- অসমৰ ৰাইজে সম্পূৰ্ণ পৃথক সোৱাদৰ থিয়েটাৰ পাব । থিয়েটাৰ থিয়েটাৰ নলগা এখন থিয়েটাৰ পাব বুলি কয় অভিনেতাগৰাকীয়ে। অনুষ্ঠানত অভিনেতা-অভিনেত্ৰী, কলাকুশলীৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা সমিতিসমূহক প্ৰযোজক মল্লিকা ৰয়ে সম্বৰ্ধনা জনায়।কেইবাগৰাকী জ্যেষ্ঠ অভিনেতা-অভিনেত্ৰীৰে সমৃদ্ধ ৰাজধানী থিয়েটাৰৰ ২০২৪-২০২৫ নাট্যবৰ্ষৰ তিনিখন নাট মঞ্চস্থ কৰাৰ লক্ষ্যৰে অভিজিৎ ভট্টাচাৰ্যৰ “মচি দিম তোমাৰ সেন্দূৰ”, “তপস্যা” আৰু ৰাজদ্বীপৰ “বিশ্বনাথ জীয়াই আছে”- এই তিনিখন নাট প্ৰদৰ্শন কৰা হ’ব বুলি জানিবলৈ দিছে থিয়েটাৰ কৰ্তৃপক্ষই।
প্ৰেৰক হীৰকজ্যোতি ডেকা