নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নকল সোণৰ নাও-জালনোটসহ ৩ সৰবৰাহকাৰীক গ্রেপ্তাৰ

🔹 কটাহবাৰীত এছটিএফৰ অভিযান

বিশেষ বাৰ্তা, ২৬ ডিচেম্বৰ : গুৱাহাটীত বাহৰ পাতি এটা অসাধু চক্রই জালনোট আৰু নকল সোণৰ বেহা চলাই আহিছে ৷ এছটিএফ আৰু মহানগৰ আৰক্ষীৰ অভিযানত এই চক্রটোৰ লগত জড়িত ২০জনৰো অধিক সৰবৰাহকাৰী জালত পৰিছে৷ আজি পুনৰ এছটিএফৰ এটা দলে কটাহবাৰীত অভিযান চলায়৷ এক গোপন সূত্রৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত এছটিএফৰ দলটোৱে কটাহবাৰীৰ এটা ভাৰাঘৰত অভিযান চলাই নকল সোণৰ নাও আৰু জালনোটসহ ৩ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ অভিযানকাৰী দলটোৱে ধৃত সৰবৰাহকাৰীকেইটাৰ পৰা ১.৬৯ কেজি নকল সোণ, ২,০৬,৫০০ টকাৰ জালনোট, দুটা ম’বাইল আৰু অন্যান্য সামগ্রী জব্দ কৰে৷ ধৃত সৰবৰাহকাৰীকেইটা ক্রমে ছাহৰ আলী (২৭), জাগিৰ আলী (২৩) আৰু মছফিকুৰ ৰহমান (২৩)৷ ধৃত সৰবৰাহকাৰীকেইটাই কটাহবাৰীত ভাৰাতীয়া হিচাপে থাকি নকল সোণ আৰু জালনোটৰ বেহা চলাই আহিছিল৷ ঘটনা সন্দর্ভত গড়চুক থানাৰ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ ধৃত সৰবৰাহকাৰীকেইটাৰ ঘৰ লখিমপুৰ জিলাৰ লালুকত৷

You might also like