নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবৈধ ধন লেনদেন গোচৰত ইডিৰ অভিযোগনামাত প্রিয়ংকা গান্ধী ভদ্রাৰ নাম

নিয়মীয়া ডিজিটেল ডেস্ক, ২৮ ডিচেম্বৰ : ফৰিদাবাদত ভূমি ক্রয়-বিক্রয় সন্দর্ভত অবৈধ ধনৰ লেনদেন গোচৰত এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেট চমুকৈ ইডিৰ অভিযোগনামাত প্রিয়ংকা গান্ধী ভদ্রাৰ নাম৷ ২০২৪ চনৰ লোকসভা নির্বাচনক লৈ প্রস্তুতি চলাই থকাৰ সময়তে গান্ধী পৰিয়ালৰ প্রিয়ংকা গান্ধী ভদ্রাৰ নাম অবৈধ ধন লেনদেন গোচৰত ইডিয়ে দাখিল কৰা অভিযোগনামাত সন্নিৱিষ্ট হোৱাটো কংগ্রেছ দলৰ বাবে এক আঘাত হিচাপে চর্চিত হৈছে৷ ২০০৬ চনৰ এপ্রিলত ফৰিদাবাদৰ আমিপুৰ গাঁৱত প্রিয়ংকা গান্ধী ভদ্রাৰ নামত এটা বাসগৃহ ক্রয় কৰা হৈছিল৷ পাছলৈ সেই গৃহটি ২০১০ চনৰ ফেব্রুৱাৰী মাহত পাহৱাক বিক্রী কৰা হৈছিল৷ এই ক্রয়–বিক্রয় সন্দর্ভত প্রবাসী ভাৰতীয় ব্যৱসায়ী চি চি থাম্পি আৰু ব্রিটিছ নাগৰিক সুমিত চাদ্ধা জড়িত হৈ আছে৷ ইডিয়ে এই ভূমি ক্রয়–বিক্রয় সন্দর্ভত তদন্ত চলাই দাখিল কৰা অভিযোগনামাত চি চি থাম্পি আৰু সুমিত চাদ্ধাৰ নামৰ লগতে প্রিয়ংকা গান্ধী ভদ্রাৰ নামো উল্লেখ কৰিছে৷ ইডিয়ে চলোৱা তদন্তৰ তথ্য মতে, চি চি থাম্পিৰ সৈতে ঘনিষ্ঠ পাহৱা ৷ পাহৱাৰ জৰিয়তে থাম্পিয়ে আমিপুৰ গাঁৱত ভূমিও ক্রয় কৰিছিল৷ এই ভূমি ক্রয়–বিক্রয় প্রক্রিয়াটো সম্পূর্ণ বেআইনীভাৱে হোৱা বুলি অভিযোগ উঠাৰ পিছত বিভিন্ন প্রক্রিয়াৰ মাজেৰে গৈ ইডিয়ে তদন্ত চলায়৷ উল্লেখ্য যে প্রিয়ংকা গান্ধী ভদ্রাৰ স্বামী ৰবার্টো ভদ্রা এই প্রক্রিয়াটোৰ সৈতে সাঙোৰ খাই পৰে যদিও ইডিয়ে দাখিল কৰা অভিযোগনামাত ৰবার্টো ভদ্রাৰ নাম জড়িত কৰা নাছিল৷ প্রথমবাৰৰ বাবে ইডিয়ে অভিযোগনামাত প্রিয়ংকা গান্ধীৰ ভদ্ৰাৰ নাম সন্নিৱিষ্ট কৰিছে৷ লক্ষণীয় যে পিএমএলএ গোচৰত ২০২০ চনৰ জানুৱাৰীত থাম্পিক ইডিয়ে গ্রেপ্তাৰ কৰাৰ পিছত প্রিয়ংকা গান্ধী ভদ্রাৰ লগতে ৰবার্টো ভদ্রা সন্দর্ভত বহুতো তথ্য সংগ্রহ কৰিবলৈ সক্ষম হয়৷ এই তদন্ত অভিযান চলাই থাকি ইডিয়ে অৱশেষত উক্ত গোচৰত অভিযোগনামা দাখিল কৰিছে৷

You might also like