স্ক্রেপ বিক্রী কৰি ১১৬৩ কোটি উপার্জন মোদী চৰকাৰৰ
🔹 পুৰণি ফাইলকে ধৰি বিভিন্ন সামগ্রী বিক্রীৰে চন্দ্রযান–৩ অভিযানৰ দুগুণ উপার্জন
নিয়মীয়া ডিজিটেল ডেস্ক, ২৮ ডিচেম্বৰ : স্ক্রেপ বিক্রী কৰি ১১৬৩ কোটি টকা উপার্জন কৰিছে মোদী চৰকাৰে৷ চন্দ্রযান–৩ সফল অভিযানত ব্যয় কৰা ধনতকৈ দুগুণ উপার্জন কৰিছে স্ক্রেপ বিক্রীৰে৷ ২০২১ চনৰ অক্টোবৰ মাহৰ পৰা কেন্দ্রীয় চৰকাৰে স্ক্রেপ বিক্রী প্রক্রিয়া আৰম্ভ কৰে৷ স্ক্রেপ হিচাপে কেন্দ্রীয় চৰকাৰৰ পুৰণি ফাইলকে ধৰি বিভিন্ন সামগ্রী বিক্রী কৰা হয়৷ তথ্য মতে, ২০২১ চনৰ অক্টোবৰ মাহৰ পৰা চলিত বর্ষৰ অক্টোবৰলৈকে পুৰণি ফাইল, কার্যালয়ৰ পুৰণি আচবাব-পাতি বিক্রী কৰি ১১৬৩ কোটি টকা উপার্জন কৰিছে৷ অর্থাৎ চৰকাৰে ১১৬৩ কোটি টকা ৰাজহ সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ চলিত বর্ষৰ অক্টোবৰ মাহত সর্বাধিক ৫৫৭ কোটি টকা সংগ্রহ কৰিবলৈ সক্ষম হৈছে চৰকাৰ৷ বিক্রী কৰা স্ক্রেপৰ ভিতৰত কেন্দ্রীয় চৰকাৰৰ ৯৬ লাখতকৈ অধিক পুৰণি কাগজ–পত্রৰ ফাইল আছে৷ মন কৰিবলগীয়া যে কেন্দ্রীয় চৰকাৰৰ এনে পুৰণি ফাইল–আচবাবে চৰকাৰী কার্যালয়ত ৩৫৫ লাখ বর্গফুট অঞ্চল আগুৰি আছিল৷ এই ফাইলবোৰ বিক্রী কৰা বাবে ৩৫৫ লাখ বর্গফুট অঞ্চল খালী হৈ পৰিছে৷ স্ক্রেপ বিক্রী কৰি সংগ্রহ কৰা ৰাজহৰ ধনেৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিভিন্ন পৰিচ্ছন্ন আঁচনি ৰূপায়ণ কৰিছে৷ অক্টোবৰ মাহত সংগ্রহ কৰা ৫৫৭ কোটি টকাৰ ভিতৰত ৰে’লৱে বিভাগে অকলেই ২২৫ কোটি টকা সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ বিপৰীতে প্রতিৰক্ষা মন্ত্রালয়ে ১৫৮ কোটি টকা, পেট্র’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রালয়ে ৫৬ কোটি টকা আৰু কয়লা মন্ত্রালয়ে ৩৪ কোটি টকা ৰাজহ সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ কেন্দ্রীয় চৰকাৰে বিক্রী কৰা পুৰণি ফাইলৰ ভিতৰত বৈদেশিক পৰিক্রমা মন্ত্রালয়ৰ ৩.৯ লাখ, সামৰিক পৰিক্রমা বিভাগৰ ৩.১৫ লাখ পুৰণি ফাইলো আছে৷ পুৰণি কাগজ–পত্রৰ ফাইলৰ পৰিৱর্তে ই–ফাইলিং ব্যৱস্থা সক্রিয় হোৱা বাবেই চৰকাৰে স্ক্রেপৰ আকাৰত পুৰণি ফাইল বিক্রীৰ সিদ্ধান্ত গ্রহণ কৰি তাৰ জৰিয়তে ৰাজহ সংগ্রহ কৰাৰ পথ মুকলি কৰিছে৷ এই সমগ্র স্ক্রেপ বিক্রী প্রক্রিয়াত দেশৰ প্রায় ২.৫৮ লাখ কার্যালয়ে অংশগ্রহণ কৰিছে৷ প্রধানমন্ত্রীৰ স্বচ্ছতা অভিযানৰ আধাৰত এই প্রক্রিয়া চলাই থকা হৈছে আৰু ই পৰৱর্তী বর্ষতো চলি থাকিব৷