বাৰ্তা ডিজিটেল ডেস্ক, ২৯ ডিচেম্বৰঃ ৰাজ্যবাসীৰ উৎকণ্ঠাৰ মাজতে আজি নতুন দিল্লীত স্বাক্ষৰ হ’ব আলোচনাপন্থী আলফাৰ শান্তি চুক্তি৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত আলোচনাপন্থী আলফাৰে বিয়লি ৫ বজাত শান্তি চুক্তিখন স্বাক্ষৰ হ’ব৷ গৃহ মন্ত্রালয়ৰ সভাকক্ষত অনুষ্ঠিত হ’বলগীয়া চুক্তি স্বাক্ষৰ অনুষ্ঠানত আলোচনাপন্থী আলফাৰ ১৬জন শীর্ষ নেতাৰ লগতে ৰাজ্যৰ ১৪জন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব৷ চুক্তি স্বাক্ষৰ কৰাৰ লগে লগে ১৯৭৯ চনৰ ৰংঘৰৰ বাকৰিত ওপজা সশস্ত্র সংগ্রামৰ বহুচর্চিত এটা অধ্যায়ৰ অন্ত পৰিব৷ অৱশ্যে কাইলৈ স্বাক্ষৰ হ’বলগীয়া শান্তি চুক্তিত কি কি বিষয় অন্তর্ভুক্ত হ’ব সেয়া এতিয়াও ৰাজহুৱা কৰা হোৱা নাই৷ বৰঞ্চ আলফা নেতৃত্বই অসমৰ খিলঞ্জীয়া ৰাইজৰ অধিকাৰ সুনিশ্চিত কৰা বহুকেইটা বিষয় চুক্তিত অন্তর্ভুক্ত হ’ব বুলি সদৰী কৰি আহিছে৷ খিলঞ্জীয়াৰ ৰাজনৈতিক আৰু ভূমি অধিকাৰৰ বিষয়ে চুক্তিখনত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি ধাৰণা কৰা হৈছে৷ কিয়নো ইয়াৰ পূর্বেও আলফাই পঞ্চায়তৰ পৰা লোকসভালৈকে ৮৮ শতাংশ আসন খিলঞ্জীয়াৰ বাবে সংৰক্ষণৰ দাবী উত্থাপন কৰিছিল৷ আলোচনাৰ সময়ত কেন্দ্রীয় চৰকাৰৰ ওচৰত দাখিল কৰা ১২দফীয়া দাবীপত্রত উক্ত দাবী অন্তর্ভুক্ত কৰা হৈছিল৷ অৱশ্যে প্রথমে কেন্দ্রীয় চৰকাৰে আলফাৰ এই দাবী মানি ল’বলৈ অস্বীকাৰ কৰিছিল যাৰ বাবে যোৱা অক্টোবৰত প্রদান কৰা শান্তি চুক্তিৰ খচৰাখন আলফাই নাকচ কৰিছিল৷ ইয়াৰ পিছত আৰম্ভ হোৱা আলোচনাৰ অন্তত শান্তি চুক্তিৰ খচৰাখন আলফাই গ্রহণ কৰিছে৷ চুক্তি স্বাক্ষৰ হোৱাৰ পিছত আলফা নেতৃত্বই সংবাদ মেলযোগে সৱিশেষ তথ্য সদৰী কৰাৰ সম্ভাৱনা আছে৷ ইফালে, চুক্তি স্বাক্ষৰ হোৱাৰ প্রাক্মুহূর্তত দিল্লীত উপস্থিত হোৱা আলফাৰ কেন্দ্রীয় নেতৃত্ব আৰু কর্ম পৰিষদৰ সদস্যসকলৰ এখন আলোচনা অনুষ্ঠিত হয়৷ সমান্তৰালভাৱে অহা ৩১ ডিচেম্বৰত আলফাই শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ আন্তর্জাতিক প্রেক্ষাগৃহত এখন সম্বর্ধনা অনুষ্ঠানৰ আয়োজন কৰিছে৷ আলফাৰ দীঘলীয়া সংগ্রামৰ সময়ছোৱাত সহায়–সহযোগিতা আগবঢ়োৱা ব্যক্তিসকলক সভাত সম্বর্ধনা জ্ঞাপন কৰা হ’ব৷