বাৰ্তা ডিজিটেল ডেস্ক, ২৯ ডিচেম্বৰঃ লোকসভা নির্বাচনত জয়ৰ হেটট্রিকৰ লক্ষ্যৰে ৰণনীতি সাজু কৰি তুলিছে বিজেপিয়ে৷ একেৰাহে তৃতীয়বাৰৰ বাবে দিল্লীৰ মছনদ দখল কৰাৰ লক্ষ্যৰে বিজেপিয়ে ইতিমধ্যে দেশৰ প্রান্তে প্রান্তে অভিযান আৰম্ভ কৰিছে৷ ২০২৪ লোকসভা নির্বাচনক লৈ মাজত মাথোঁ কেইটামান মাহ বাকী থকা অৱস্থাত বিজেপিয়ে বিৰোধী ঐক্যক প্রতিহত কৰাৰ লক্ষ্যৰে ইতিমধ্যে ৰণনীতি সাজু কৰি যুঁজ আৰম্ভ কৰি দিছে৷ ৩৫০তকৈ অধিক আসনৰ লক্ষ্যৰে বিজেপিয়ে দলীয় নেতা–কর্মীক অধিক পৰিশ্রমেৰে জনতাৰ মাজত সোমাই পৰি মোদী চৰকাৰৰ ৰূপায়িত আঁচনিসমূহ প্রচাৰৰ লক্ষ্য লৈছে৷ ইয়াৰ সমান্তৰালকৈ সামাজিক মাধ্যমতো মোদীৰ জনপ্রিয়তাক প্রাধান্য দি ২০২৪ লোকসভা নির্বাচনৰ প্রচাৰ আৰম্ভ কৰিছে৷ আনুষ্ঠানিকভাৱে এই নির্বাচনৰ তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই যদিও এপ্রিলৰ ভিতৰত নির্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ আনপিনে বিজেপিৰ গোপন পৰিকল্পনা অনুযায়ী নির্ধাৰিত সময়তকৈ এই নির্বাচন আগতীয়াকৈ অনুষ্ঠিত হ’ব পাৰে৷ নির্বাচনত তৃতীয়বাৰৰ বাবে জয়ী হোৱাৰ লক্ষ্যৰে সামাজিক মাধ্যমযোগে বিজেপিয়ে নির্বাচনক লৈ এটি গীত প্রচাৰ কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ জনপ্রিয়তাক প্রাধান্য দি ৰচনা কৰা গীতটোত মোদীৰ প্রসংগ উনুকিওৱা হৈছে৷ সামাজিক মাধ্যম এক্সত বিজেপিয়ে ভিডিঅ’সহ প্রচাৰ কৰা এই গীতটিৰ শিৰোনাম হৈছে মোদী পুনৰ আহিব৷ সামাজিক মাধ্যমত গীতটি প্রচাৰ কৰি লিখা হৈছে– মোদী এগৰাকী ব্যক্তি নহয়, দেশৰ তেওঁ সন্মান৷ ১৪০ কোটি জনতাৰ আকাংক্ষাক প্রতিফলিত কৰে৷ মোদী পুনৰ আহিব, মোদী পুনৰ আহিব৷ প্রধানমন্ত্রী মোদীৰ জনপ্রিয়তাক সাৰোগত কৰিয়েই ২০১৯ লোকসভা নির্বাচনতে বিজেপিয়ে আকৌ এবাৰ মোদী চৰকাৰ শীর্ষকেৰে দেশৰ ভোটাৰক আকৃষ্ট কৰিবলৈ সক্ষম হৈছিল৷ এইবেলিও সেই একেই পন্থা গ্রহণ কৰি বিজেপিয়ে মোদীৰ নামেৰেই নির্বাচনী ৰণ জিকাৰ কৌশল লৈছে৷