নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৰুষৰ প্রতি আসক্ত হৈ পৰিছে আমাজ’নৰ কৃত্রিম মেধা ‘আলেক্সা’

🔹 নিউয়র্কৰ মহিলাৰ অকল্পনীয় অভিজ্ঞতাত চাঞ্চল্য

বিশেষ বাৰ্তা, ১ জানুৱাৰী : কৃত্রিম মেধা বা আর্টিফিচিয়েল ইণ্টেলিজেঞ্চ (এআই) ‘আলেক্সা’ৰ প্রতি পুৰুষসকলৰ আকর্ষণ যে বেছি, সেই কথা ইতিমধ্যে প্রমাণিত হৈছে৷ বিভিন্ন সময়ত বহু পুৰুষে আলেক্সাক বিয়াৰ প্রস্তাৱো দি আহিছে৷ প্রতি ২ মিনিটত একোজন ভাৰতীয়ই আলেক্সাক বিয়াৰ প্রস্তাৱ দিয়ে বুলি এক প্রতিবেদনত প্রকাশ পাইছে৷ যন্ত্রনির্ভৰ দুনিয়াৰ এই প্রৱণতাত এইবাৰ উল্টাপুৰাণ ঘটিছে৷ এইবাৰ আলেক্সা হেনো পুৰুষৰ প্রতি আসক্ত হৈ পৰিছে৷ নিশা আলেক্সাই হেনো নিজে কথা ক’বলৈ লয়৷ এই ভয়ানক অভিজ্ঞতাৰ কথা সদৰী কৰিছে এগৰাকী মহিলাই৷ প্রত্যক্ষভাৱে পুৰুষজনক বিয়াৰ প্রস্তাৱ নিদিলেও আলেক্সা পুৰুষজনৰ প্রতি আকর্ষিত হৈ পৰা বুলি মহিলাগৰাকীয়ে দাবী কৰিছে৷ গতিকে আলেক্সাৰ সুমিষ্ট কণ্ঠত স্বামী আসক্ত হৈ পৰিব পাৰে বুলি আশংকা কৰি আলেক্সাক ঘৰৰ পৰা বিদায় দিছে মহিলাগৰাকীয়ে৷ নিউয়র্কৰ এক প্রতিবেদন অনুযায়ী জেছ নামৰ মহিলাগৰাকীয়ে এই সমস্ত ঘটনা এটা টিকটক ভিডিঅ’ত সদৰী কৰিছে৷ নিমিষতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’৷ ভিডিঅ’টোত মহিলাগৰাকীয়ে কৈছে যে যোৱা সপ্তাহত কিছুদিন ঘৰৰ বাহিৰত থকা অৱস্থাত নিশা ১ বজাত আলেক্সাই নিজে নিজে কথা ক’বলৈ আৰম্ভ কৰে৷ লগে লগে আলেক্সা ব্যৱহাৰ কৰিবলৈ বন্ধ কৰি দিছে জেছে৷ আমাজ’নৰ ভইচ এছিষ্টেণ্ট ছিষ্টেম হৈছে আলেক্সা৷ আলেক্সা অন কৰি যিকোনো প্রশ্ণ কৰিব পাৰে, বিভিন্ন বিষয় সম্পর্কত জানিব বিচাৰিব পাৰে, তাৰ উত্তৰ আলেক্সাই নিজে নিজে দিয়ে৷ কিন্তু আলেক্সাই নির্দেশ অবিহনে নিজে কথা কোৱাৰ এই ঘটনা সংঘটিত হোৱাৰ লগে লগে বিষয়টোক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷

You might also like