ভগৱান ৰাম আছিল আমিষভোজী : এনচিপি নেতাৰ বিতৰ্কিত মন্তব্য
🔹 ১৪ বছৰ বনবাসত নিৰামিষভোজী হৈ থকাটো সম্ভৱ জানো ?
বিশেষ বাৰ্তা, ৪ ডিচেম্বৰ : লোকসভা নিৰ্বাচনৰ পূৰ্বে ভগৱান ৰাম আৰু ৰাম মন্দিৰক লৈ বিভিন্নজনে ভিন্ন মত আগবঢ়াই আহিছে। ৰাম মন্দিৰ উদ্বোধনৰ দুই সপ্তাহ পূৰ্বে শাৰদ পাৱাৰপন্থী এন চি পিৰ নেতা জিতেন্দ্ৰ অৱহাদে এক চাঞ্চল্যকৰ মন্তব্য কৰে। তেওঁ কয়- “১৪ বছৰ বনবাসত থকা সময়ত নিৰামিষভোজী হৈ থকাটো সম্ভৱ জানো? গতিকে ৰাম আছিল আমিষভোজী।” ৰামক আমিষভোজী বুলি অভিহিত কৰি বিতৰ্কৰ সৃষ্টি কৰিছে জিতেন্দ্ৰ অৱহাদে। অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনৰ দিনা নিৰামিষ আৰু সুৰাপানৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে গেৰুৱা শিবিৰে। এই সন্দৰ্ভত বুধবাৰে জিতেন্দ্ৰ অৱহাদে কয়- ‘ক্ষত্ৰিয় নৃপতি’ ৰাম আছিল এজন ‘আমিষভোজী’। তেওঁ ১৪ বছৰ ধৰি হাবিত চিকাৰ কৰিছিল। আমিষ খাদ্য অবিহনে জংঘলত জীয়াই থকাৰ কোনো উপায় নাছিল। আনকি তেওঁ ৰামক ‘বহুজন’ বা দলিত ৰজা বুলিও দাবী কৰিছে। বুধবাৰে দলৰ বৈঠকত এন চি পিৰ নেতাগৰাকীয়ে কয় যে ৰাম আমাৰ মাজৰে এজন আছিল। ৰাম কেতিয়াও নিৰামিষভোজী নাছিল। তেওঁ আছিল আমিষভোজী। ১৪ বছৰ নিৰামিষভোজী হৈ থকাটো সম্ভৱ জানো? ইয়াৰ প্ৰত্যুত্তৰত বিজেপি বিধায়ক ৰাম কদমৰ প্ৰশ্ন- “প্ৰভু ৰামে যে মাংস খাইছিল, জিতেন্দ্ৰ অৱহাদৰ হাতত কি প্ৰমাণ আছে? তেওঁ ভগৱান ৰামৰ কোটি কোটি ভক্তৰ আৱেগক অসন্মান কৰিছে।” মন কৰিবলগীয়া যে অহা ২২ জানুৱাৰীত অযোধ্যাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰ উদ্বোধন কৰিব। ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাক কেন্দ্ৰ কৰি দেশজুৰি অসংখ্য কাৰ্যসূচীৰ আয়োজন কৰিছে গেৰুৱা শিবিৰে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ তত্ত্বাৱধানত অযোধ্যাত মন্দিৰ উদ্বোধনৰ শেষ মুহূৰ্তৰ প্ৰস্তুতি চলি আছে।