বলাৰৰ মধুশালা কেপটাউন টেষ্টত ইতিহাসৰ প্ৰথম জয় ভাৰতৰ
বাৰ্তা ডিজিটেল ডেস্ক, ৪ জানুৱাৰীঃ এদিনতে ২৩টাকৈ উইকেটৰ পতন ঘটাৰ পিছত কালিয়েই মেচৰ ফলাফল একপ্ৰকাৰ নিৰ্ধাৰণ হোৱাৰ দিশেই গতি কৰিছিল। দুয়ো দলৰ বলাৰসকলৰ বাবে যেন কেপটাউন টেষ্ট মধুশালা হৈ পৰিছিল। সেয়া সাৰ্থক প্ৰমাণ কৰি ঘৰৰ মাটিতে দক্ষিণ আফ্ৰিকাক সহজে পৰাস্ত কৰি টেষ্ট শৃংখলাটোত ১-১ৰ ব্যৱধান সমতা স্থান কৰিবলৈ সক্ষম হল ভাৰতীয় দলটো। মহম্মদ ছিৰাজ আৰু যশপ্ৰীত বুমৰাহৰ বিধ্বংসী বলিঙৰ বাবেই ভাৰতীয় দলটোৱে নিজৰ মাটিত দ্বিতীয়খন টেষ্টত দক্ষিণ আফ্ৰিকাক ৭ উইকেটত পৰাস্ত কৰে। ভাৰত আৰু আয়োজক দক্ষিণ আফ্ৰিকাৰ মাজত খেলা দ্বিতীয়খন টেষ্ট দুদিনৰ পূৰ্বেই সমাপ্ত হয়। কালিৰ পৰা আৰম্ভ হোৱা খেলখন আজি দ্বিতীয় দিনৰ দ্বিতীয় ছেছনত শেষ হয়। ৰোহিত শৰ্মাৰ অধিনায়কত্বত থকা টীম ইণ্ডিয়াই ৭৯ ৰানৰ লক্ষ্য ৰাখি ১২ অভাৰত ৩টা উইকেট হেৰুৱাই এই মেচখনত জয়ী হয়। ভাৰতৰ হৈ ছিৰাজে প্ৰথম ইনিংছত ৬টা আৰু দ্বিতীয় ইনিংছত বুমৰাহে ৬টা উইকেট দখল কৰে। খেলখনত বলাৰসকলে আধিপত্য বিস্তাৰ কৰিছিল। প্ৰথমে ভাৰতীয় বলাৰসকলে বিধ্বংসী ৰূপ ধাৰণ কৰে আৰু তাৰ পিছত দ্বিতীয় ইনিংছত আফ্ৰিকান পেচাৰসকলে ভাৰতীয় বেটছমেনসকলক থকাসৰকা কৰে। দক্ষিণ আফ্ৰিকাই টছত জয়লাভ কৰি বেটিং কৰাৰ সিদ্ধান্ত লয়, কিন্তু ছিৰাজৰ ত্ৰাসত মাত্ৰ ৫৫ ৰানত অল আউট হয়। লগতে যশপ্ৰীত বুমৰাহ আৰু মুকেশে ২টাকৈ উইকেট দখল কৰে। তাৰ পাছত প্ৰথম ইনিংছত বেটিং কৰিবলৈ অহা ভাৰতীয় দলটোৱে প্ৰথম দিনাই ১৫৩ ৰানত অল আউট হয়। দক্ষিণ আফ্ৰিকাৰ হৈ কাগিছ’ ৰাবাদা, নান্দ্ৰে বাৰ্গাৰ আৰু লুংগি এনগিডিয়ে ৩টাকৈ উইকেট দখল কৰে। টীম ইণ্ডিয়াক ১৫৩ ৰানত অল আউট কৰাৰ পাছত দক্ষিণ আফ্ৰিকাই প্ৰথম দিনাই দ্বিতীয় ইনিংছত বেটিং কৰে। দিনটোৰ শেষলৈকে আফ্ৰিকাই ৩ উইকেটত ৬২ ৰান সংগ্ৰহ কৰিছিল। প্ৰথম দিনটোৰ শেষলৈকে আফ্ৰিকা ৩৬ ৰান পিছ পৰি আছিল। দ্বিতীয় দিনা ভাৰতীয় পেচাৰ যশপ্ৰীত বুমৰাহে বিধ্বংসী ৰূপ ধাৰণ কৰি ৬টা উইকেট দখল কৰি দক্ষিণ আফ্ৰিকাক ১৭৬ ৰানত অল আউট কৰে। বুমৰাহৰ বাহিৰেও মুকেশ কুমাৰে ২টা আৰু ছিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণই এটাকৈ উইকেট দখল কৰে। দ্বিতীয় ইনিংছত আফ্ৰিকাৰ হৈ এইডেন মাৰ্ক্ৰামে শতকীয় ইনিংছ খেলে। তেওঁ ১৭টা চাৰি আৰু ২টা ছয়েৰে ১০৩টা বলত ১০৬ ৰান সংগ্ৰহ কৰে। অৱশেষত দক্ষিণ আফ্ৰিকাই ভাৰতক ৭৯ ৰানৰ বিজয় লক্ষ্য দিছিল, যিটো ১২ অভাৰত ৰোহিত ব্ৰিগেডে অৰ্জন কৰি দ্বিতীয় দিন শেষ হোৱাৰ পূৰ্বে জয়ী হৈছিল। দ্বিতীয় ইনিংছত যশস্বী জয়ছোৱালে ভাৰতৰ হৈ ২৮ ৰান কৰে। উল্লেখ্য যে যদিও ভাৰতীয় দলে কেপটাউনত ঐতিহাসিক বিজয় সাব্যস্ত কৰিলে, তথাপি দক্ষিণ আফ্ৰিকাত টেষ্ট শৃংখলা জয়ৰ স্বপ্ন আধৰুৱা হৈয়ে ৰল। কিয়নো আজিলৈকে ভাৰতে দক্ষিণ আফ্ৰিকাত টেষ্ট শৃংখলা জয়ী হব পৰা নাই।