নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ উদমাৰীত হস্তশিল্প প্ৰদৰ্শন-সজাগতাৰ সামৰণি

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়, হস্তশিল্পী উন্নয়ন আয়ুক্ত কাৰ্যালয়ৰ দ্বাৰা অনুমোদিত আৰু সোনাইপৰীয়া হেণ্ডিক্ৰাফ্ট প্ৰডিউচাৰ কোম্পানী লিমিটেড উদমাৰি, নগাঁৱৰ উদ্যোগত আয়োজিত তিনিদিনীয়া হস্তশিল্প প্ৰদৰ্শন আৰু সজাগতা (চি.ডি.এ.পি.)ৰ আজি সফল সামৰণি পৰে। শেষৰ দিনা উত্তৰ-পূৰ্বাঞ্চলৰ তালিকাভুক্ত ডিজাইনাৰ পল্লৱ মিশ্ৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকি হস্তশিল্পীসকলৰ উন্নয়নৰ বাবে দিহা পৰামৰ্শ দিয়ে। আজিৰ দিনটোত বিভিন্ন স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ উপৰি স্থানীয় ৰাইজৰ উপস্থিতি আছিল লক্ষ্যণীয়। ভাৰত চৰকাৰৰ হস্তশিল্প বিভাগৰ ফালৰ পৰা হস্তশিল্পী সেৱা কেন্দ্ৰ যোৰহাটৰ হস্তশিল্পী উন্নয়ন বিষয়া জয়ন্ত সিং উপস্থিত থাকি পৰম্পৰাগত শিল্পকৰ্ম সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত চৰকাৰী সহায়ৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। শেষত প্ৰডিউচাৰ কোম্পানীৰ নিৰ্দেশক তৈয়াবুৰ ৰহমানৰ উদ্গনিমূলক ভাষণৰ দ্বাৰা আজিৰ অনুষ্ঠানৰ সামৰণি পৰে বুলি উদ্যোক্তাসকলে আমাক আমাক জানিবলৈ দিয়ে।

প্ৰেৰক জহিৰুল ইছলাম

You might also like