নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জামিন অগ্রাহ্য ! বিচাৰকক প্রহাৰ অভিযুক্তৰ

🔹 আমেৰিকাৰ আদালতত নজিৰবিহীন ঘটনা

নিয়মীয়া ডিজিটেল ডেস্ক, ৫ জানুৱাৰী : বিচাৰ ব্যৱস্থাত বিচাৰকেই শেষ ৰায় দিয়ে৷ কিন্তু আমেৰিকাৰ লাছ ভেগাছৰ আদালতত অভাৱনীয় দৃশ্য দেখা গ’ল৷ ৰায় পছন্দ নোহোৱা বাবেই আদালতত মহিলা বিচাৰকৰ ওপৰত জঁপিয়াই পৰিল অভিযুক্ত৷ মহিলা বিচাৰকগৰাকীক মাটিত পেলাই লৈ প্রহাৰ কৰিলে অভিযুক্তই৷ অভিযুক্তৰ হাতৰ পৰা কোনোমতে বিচাৰকগৰাকীক মুক্ত কৰে নিৰাপত্তাৰক্ষী আৰু অধিবক্তাই৷ ঘটনাৰ চি চি টিভি ফুটেজ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ অভিযুক্তৰ নাম ৩০ বছৰীয়া দেওব্রা ৰেডেন৷ আদালতত চলিছিল ৰেডেনৰ বিচাৰ প্রক্রিয়া৷ নির্দিষ্ট গোচৰত ইতিমধ্যে দোষী সাব্যস্ত হৈছিল অভিযুক্ত৷ বিচাৰকগৰাকীয়ে ৰায় ঘোষণা কৰিবলৈ লোৱাৰ সময়তে জামিনৰ দাবী তুলিছিল অভিযুক্তই৷ অতীতৰ অপৰাধৰ বাবে বিচাৰপতি মেৰী কে হোলথাছে সেই দাবী খাৰিজ কৰে৷ তেতিয়াই বিচাৰকগৰাকীৰ ওপৰত দূৰৈৰ বেঞ্চৰ পৰাই জঁপিয়াই পৰে অভিযুক্ত ৰেডেন৷

You might also like