🔹 চালক সন্থাৰ ২জন প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ
নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰী : যান-বাহন শূন্য আজি ৰাজপথত ৷ হিট এণ্ড ৰান আইনৰ বিৰুদ্ধে চালক সন্থাৰ যৌথ মঞ্চই আহ্বান জনোৱা কৰ্মবিৰতিৰ ফলত একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে ৰাজ্যৰ ৰাজপথসমূহ। শুকুৰবাৰে পুৱাৰ পৰা আৰম্ভ হয় এই ৪৮ ঘণ্টীয়া কৰ্মবিৰতি ৷ হিট এণ্ড ৰান আইনৰ বিৰুদ্ধে চালক সন্থাই সাব্যস্ত কৰা এই প্ৰতিবাদৰ ফলত পুৱাই একপ্ৰকাৰ উত্তাল হৈ পৰিল ধেমাজি জিলাৰ চিলাপথাৰ নগৰ ৷ চিলাপথাৰত ক’লা আইনৰ বিৰুদ্ধে পুৱা ৫ বজাৰে পৰা উত্তাল প্ৰতিবাদ হৈ থকাৰ সময়তে প্ৰতিবাদকাৰী দলৰ ২জন ধেমাজি জিলা চালক সন্থাৰ সভাপতি জোন সোণোৱাল আৰু সন্থাৰ সদস্য ধনী সোণোৱালক পুলিচে আটক কৰে।
লগে লগে উত্তাল প্ৰতিবাদ দেখা যায়। কোনোধৰণৰ বাণিজ্যিক বাহনেই চলাচল কৰিব পৰা নাই চিলাপথাৰৰ চৌপাশে। ইপিনে, বন্ধ নমনা চালকক বটল আৰু চেণ্ডেলৰ মালা পিন্ধোৱাও পৰিলক্ষিত হয়। ইতিমধ্যে চিলাপথাৰত উত্তাল পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে। ইফালে, জোনাইতো কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰা হিট এণ্ড ৰান আইনৰ বিৰুদ্ধে আহ্বান জনোৱা বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হয়।
প্ৰেৰক কৰবী দলে