নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰীঃ সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্ত্তত বিটিচিত পুনৰ অবৈধ অস্ত্ৰৰ ঝনঝননি। গোৰেশ্বৰত পুৱতিনিশা ৬/৭জনীয়া এটি অচিনাক্ত দুৰ্বৃত্তৰ দলে পিষ্টলেৰে ভৰিত গুলীয়াই লুটি নিলে কেইবালাখ টকা। গুলীবিব্ধ থানেশ্বৰ বড়ো (৪৫) বৰ্ত্তমান গুৱাহাটীৰ জি এম চি এইচত চিকিৎসাধীন। এই ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যৰ লগতে গোৰেশ্বৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি তামুলপুৰ জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত ২নং বালাবাৰী গাঁৱৰ থানেশ্বৰ বড়োৰ ঘৰত পুৱতিনিশা ৩.৩০ মান বজাত এটি ৬/৭জনীয়া এটি অচিনাকি দুৰ্বৃত্তৰ দলে প্ৰৱেশ কৰে। দলটিৰ এজনে প্ৰথমে থানেশ্বৰ বড়োক নাম কাৰি মাতিবলৈ ধৰে। পিছত এই পুৱতিনিশা কোননো আহিল বুলি ভাবি থানেশ্বৰ বড়োৱে দুৱাৰখন খুলি দিয়ে। আৰু লগে লগে দুৰ্বৃত্তৰ দলটোৱে থানেশ্বৰ বড়োক ঘৰৰ পিচফালৰ পুখুৰীলৈ মাতি লৈ পিষ্টল দেখুৱাই টকা ক’ত আছে বুলি সোধে। আৰু বেছি চিঞৰ বাখৰ নকৰিবলৈ সকীয়াই দিয়ে। দুৰ্বৃত্তৰ দলটো আৰু থানেশ্বৰ বড়োৰ মাজত কথা কটা কটি হোৱাত হুলুস্থলীয়া পৰিবেশ হোৱাত দূৰ্বৃত্তৰ দলটোৱে থানেশ্বৰ বড়োৰ বাঁও ভৰিত পিষ্টলেৰে গুলীয়াই দিয়ে। আৰু ঘৰৰ পৰা পাঁচ লাখ টকা লৈ উধাও হয়। দৃৰ্বৃত্তৰ দলটোৱে। ইফালে পৰিয়ালৰ লোকে জনোৱা মতে গাঁৱৰ কৃষকসকলে জমা কৰা সঞ্চয়ৰ ধন আছিল থানেশ্বৰ বড়োৰ সৈতে। আৰু সেই জমা কৰি ধোৱা ধন ৰাখি দুৰ্বৃত্তৰ দলটিয়ে লৈ যায় বুলি জানিবলৈ দিয়ে। ইফালে ঘটনাস্থলীত গোৰেশ্বৰ আৰক্ষী, জিলা আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ ঘটনাৰ তদন্ত তীব্ৰ গতিত আৰম্ভ কৰিছে যদিও এই প্ৰতিবেদন লিখা লৈকে কোনো লোকক আতক কৰিবলৈ সক্ষম হোৱা নাই। আনহাতে আহত থানেশ্বৰ বড়োক লগে লগে গোৰেশ্বৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ জি এম চি এইচলৈ প্ৰেৰণ কৰা হয়। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে পিষ্টলৰ এটা খালী কাৰ্টুজ উদ্ধাৰ কৰে। ইপিনে ঘটনাস্থলীত গোৰেশ্বৰ ৩০নং পৰিষদীয় সমষ্টিৰ এম চি এল এ পৱিত্ৰ কুমাৰ বড়ো উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। উল্লেখ্য যে শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পিচত ৰাজ্যত তথা বিটিচিবাসীয়ে শান্তি ঘূৰি অহা বুলি স্বস্তিৰ নিশ্বাস পেলাইছিল যদিও আজিৰ গুলীচালনাৰ ঘটনাই পুনৰ বিটিচিত পুনৰ অশান্ত পৰিবেশ ঘূৰি অহাৰ আশাংকা কৰিছে ৰাইজে।
প্ৰেৰক বিজয় ৰাজবংশী