নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ গোৱালপাৰাত চলিল আজি পুনৰ বন বিভাগৰ উচ্ছেদ অভিযান৷ ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া খলিলুৰ ৰহমানৰ নেতৃত্বত ৰংজুলি বনকৰ্মীৰ লগতে গোৱালপাৰা, লক্ষীপুৰ আৰু কৃষ্ণাই বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া, বনকৰ্মী আৰু ৰংজুলি থানাৰ বৃহৎ আৰক্ষীৰ দলে ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কুন্যাকুছি সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলে ৷ কুন্যাকুছি সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰি একাংশ লোকে অবৈধভাৱে তামোলৰ বাগান, ছাগলী ফাৰ্ম আৰু গাহৰি ফাৰ্ম গঢ়ি তুলিছিল ৷ বন বিভাগে এক্সকেভেটৰেৰে এই গাহৰি ফাৰ্ম আৰু ছাগলীৰ ফাৰ্ম ভাঙি চূৰমাৰ কৰাৰ লগতে জুই জ্বলাই ধ্বংস কৰি দিয়ে। আজি প্ৰায় দহ হেক্টৰ ভূমিত চলিল বন বিভাগৰ উচ্ছেদ অভিযান ৷ উল্লেখ্য যে কন্যাকুছি বনাঞ্চলত অবৈধভাৱে গঢ়ি তোলা চাহ বাগানসমূহতো উচ্ছেদ অভিযান চলিব বুলি বন বিষয়াই জানিবলৈ দিয়ে।
প্ৰেৰক বেনজিন বড়ো