নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোহিতৰ বুকুত নির্মাণ হ’ব ১২০০ মেগাৱাটৰ বান্ধ

🔹 ভূমিকম্পপ্রৱণ অৰুণাচলত ইটোৰ পিছত সিটোকৈ দৈত্যকায় জলবিদ্যুৎ প্রকল্প

ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ জানুৱাৰী : সম্ভাব্য ভয়ংকৰ দুর্যোগক গুৰুত্বহীন কৰি অতিশয় ভূমিকম্পপ্রৱণ অৰুণাচল প্রদেশত ইটোৰ পিছত সিটোকৈ দৈত্যকায় নদীবান্ধ নির্মাণত সেউজ সংকেত দিয়া হৈছে৷ এইবাৰ অসমত ব্রহ্মপুত্রৰে মিলি যোৱা চিৰপ্রৱহমান লোহিত নৈৰ বক্ষ ভেটি ১২০০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম কলাই–২ জলবিদ্যুৎ প্রকল্প নির্মাণৰ বাবে আগবাঢ়িছে পেমা খাণ্ডু চৰকাৰ৷ নামনি অংশত থকা অসমলৈ আন এক ভয়াৱহ বিপদ কঢ়িয়াই বৃহৎ নদীবান্ধটোক বাস্তৱ ৰূপ দিয়াৰ লক্ষ্যৰে ইতিপূর্বে ৰিলায়েন্স পাৱাৰ লিমিটেডৰে সম্পাদিত চুক্তি বাতিল কৰাৰ পিছত শেহতীয়াকৈ তেহৰি হাইড্র’পাৱাৰ ডেভেলপমেণ্ট কর্প’ৰেচন ইণ্ডিয়া লিমিটেড (টিএইচডিচিআইএলৰ) সৈতে অৰুণাচল প্রদেশ চৰকাৰে এক মেম’ৰেণ্ডাম অৱ আণ্ডাৰষ্টেণ্ডিং (এমঅ’ইউ)ত স্বাক্ষৰ কৰিছে৷ অর্থাৎ লোহিত অৱবাহিকাত নির্মাণ হ’বলগীয়া বৃহৎ নদীবান্ধটোৰ দায়িত্বভাৰ আনুষ্ঠানিকভাৱে ন্যস্ত কৰা হ’ল কেন্দ্রীয় ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানটোৰ হাতত৷ মন কৰিবলগীয়া যে শেহতীয়াকৈ যোৱা ১২ আগষ্টত মুঠ ১১,৫১৭ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম অনুৰূপ ১২ জলবিদ্যুৎ প্রকল্প সন্দর্ভত নীপকো, এছজেভিএনএল আৰু এনএইচপিচিৰ সৈতে অৰুণাচল প্রদেশ চৰকাৰে এমঅ’ইউত স্বাক্ষৰ কৰিছিল৷ এতিয়া অৰুণাচল প্রদেশত নতুনকৈ নির্মাণ হ’বলগীয়া জলবিদ্যুৎ প্রকল্পৰ সংখ্যা ১৩টালৈ বৃদ্ধি পালে৷ যাৰ মুঠ প্রকল্প ব্যয় হ’ব ১,৩৯,৪০০ কোটি টকা৷ এনেদৰে অৰুণাচল প্রদেশত ইটোৰ পিছত সিটোকৈ বৃহৎ নদীবান্ধ নির্মাণৰ তৎপৰতাই স্বাভাৱিকতে অসমলৈ দুর্ঘোৰ সংকট কঢ়িয়াই আনিছে৷ কিয়নো এই ১৩টা জলবিদ্যুৎ প্রকল্প নির্মাণ হ’ব লোহিত, সোৱণশিৰি, দিবাং আৰু ছিয়াং অৱবাহিকাত৷ এই প্রতিখন নৈৰ সৈতে অসমীয়াৰ আয়ুস ৰেখা ব্রহ্মপুত্রৰ সৈতে সম্পর্ক নিকট৷ বৃহৎ নদীবান্ধসমূহৰ সম্ভাব্য বিপর্যয়ে জৈৱ–বৈচিত্র্য, নৈপৰীয়া সভ্যতা আৰু সর্বোপৰি নামনি অংশৰ অস্তিত্বক লৈ সংকট নমাই আনিব পাৰে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– হায়দৰাবাদস্থিত ৰাষ্ট্রীয় ভূ–পদার্থ গৱেষণা প্রতিষ্ঠানে ইণ্ডিয়ান আৰু ইউৰেছিয়ান টেক্ট’নিক প্লেটৰ সংঘর্ষস্থলীত অৱস্থিত অৰুণাচল প্রদেশক অতিশয় ভূমিকম্পপ্রৱণৰূপে চিহ্ণিত কৰিছে৷ প্রতিষ্ঠানটোৰ ৫ বিজ্ঞানীৰ শেহতীয়া এখন প্রতিবেদনত দিয়া সকীয়নি অনুসৰি যিকোনো মুহূর্ততে বৰভূঁইকঁপে জোকাৰি যাব পাৰে ৰাজ্যখনক৷ তাৰ পিছতো অৰুণাচল প্রদেশত ইমানবোৰ জলবিদ্যুৎ প্রকল্প নির্মাণক লৈ চৰকাৰৰ তৎপৰতা অবুজ সাঁথৰ হৈ পৰিছে৷ একে সময়তে গেৰুকামুখত এনএইচপিচিয়ে নির্মাণকার্য প্রায় সম্পূর্ণ কৰা ২০০০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পই ইতিমধ্যে দিছে বিপদৰ আগজাননী৷ বৃহৎ নদীবান্ধটোত একাধিক দুর্যোগৰ ৰাজ্যবাসীয়ে সাক্ষী হৈছে৷ তৎসত্ত্বেও কিন্তু থমকি ৰোৱা নাই এনএইচপিচি কর্তৃপক্ষ আৰু কেন্দ্রীয় শক্তি মন্ত্রালয়৷ ১৩টা নতুন জলবিদ্যুৎ প্রকল্পৰ ক্ষেত্রতো একেই হৈছে৷ উল্লেখ্য যে কলাই–২ জলবিদ্যুৎ প্রকল্প সম্পর্কীয় এমঅ’ইউখন সম্পাদন হয় যোৱা ৩০ ডিচেম্বৰত নতুন দিল্লীত এখন হোটেলত৷ অৰুণাচল চৰকাৰৰ উপদেষ্টা ড০ এইচ কে পালিৱাল আৰু মুখ্য সচিব শ্রী ধর্মেন্দ্রৰ উপস্থিতিত এমঅ’ইউত স্বাক্ষৰ কৰে ৰাজ্যখনৰ জলবিদ্যুৎ বিভাগৰ আয়ুক্ত অংকুৰ গার্গ–টিএইচডিচিআইএলৰ সঞ্চালক (কাৰিকৰী) ভূপেন্দৰ গুপ্তাই৷ টিএইচআইডিচিএলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক আৰ কে বিষ্ণই প্রকাশ কৰা মতে বৃহৎ নদীবান্ধটোত মুঠ ৭টা ইউনিট থাকিব৷ ইয়াৰ ৬টা ১৯০ মেগাৱাটকৈ আৰু ১টা ৬০ মেগাৱাটৰ৷ জলবিদ্যুৎ প্রকল্পটোৰ নির্মাণ ব্যয় নির্ধাৰণ কৰা হৈছে ১৩,০০০ কোটি টকা৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে একেই প্রক্রিয়াৰে যোৱা ১২ আগষ্টত নীপকোক ৭০০ মেগাৱাটৰ টাটো–২, ১৮০ মেগাৱাটৰ টাটো–১, ২৪০ মেগাৱাটৰ হে’, ১০০০ মেগাৱাটৰ নায়িং আৰু ৫০০ মেগাৱাটৰ হিৰো জলবিদ্যুৎ প্রকল্প নির্মাণৰ দায়িত্ব দিয়া হৈছিল৷ এছজেভিএনএলৰ সৈতে ৩০৯৭ মেগাৱাটৰ ইটালিন, ৬৮০ মেগাৱাটৰ আট্টুনলি, ৫০০ মেগাৱাটৰ ইমিনি, ৪২০ মেগাৱাটৰ আমুলিন আৰু ৪০০ মেগাৱাটৰ মিহুমদোন জলবিদ্যুৎ প্রকল্প সন্দর্ভত এমঅ’ইউ সম্পাদন হৈছে৷ সেইদৰে এনএইচপিচিয়ে নির্মাণ কৰিবলগীয়া জলবিদ্যুৎ প্রকল্প দুটা হ’ল– ২০০০ মেগাৱাটৰ উজনি সোৱণশিৰি আৰু ১৮০০ মেগাৱাটৰ মধ্য সোৱণশিৰি৷ লক্ষণীয়ভাৱে অৰুণাচল প্রদেশৰ বৃহৎ নদীবান্ধ নির্মাণৰ বাবে চৰকাৰৰ এনে কুচকাৱাজৰ বিপৰীতে নদীবান্ধবিৰোধী আন্দোলনে ইতিমধ্যে গা কৰি উঠিছে৷ বিভিন্ন দল–সংগঠনে জৈৱ–বৈচিত্র্যৰ ওপৰত পৰিবলগীয়া বিৰূপ প্রভাৱ, সুৰক্ষা আদিৰ ওপৰত বিশদ অধ্যয়ন আৰু বাস্তৱ ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাই আহিছে চৰকাৰক৷ এই বিষয়ত চৰকাৰে কেনেধৰণৰ গুৰুত্ব প্রদান কৰে, স্বাভাৱিকতে তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ ৰৈছে৷ ইফালে, উক্ত ১৩টা নদীবান্ধৰ উপৰি অৰুণাচল প্রদেশত ১,৮৭৮ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম অজু জলবিদ্যুৎ প্রকল্পটো সম্পর্কত জইণ্ট ভেঞ্চাৰ গঠন কৰিবলৈ এছজেভিএনএলক অনুমতি প্রদান কৰিছে কেন্দ্রীয় বিত্ত মন্ত্রালয়ে৷ য’ত এছজেভিএনএলৰ উপৰি থাকিব অৰুণাচল প্রদেশ চৰকাৰ আৰু নৱযুগ ইঞ্জিনীয়াৰিং কোম্পানী লিমিটেড৷

You might also like