🔹 মাতৃক লগত লৈ ‘পশুধন আৰু হাঁহ-কুকুৰা মেলা ২০২৪’ত মন্ত্ৰী অতুল বৰা
বিশেষ বাৰ্তা, ৬ জানুৱাৰী : গুৱাহাটীৰ খানপাৰাস্থিত পশুধন পাম চৌহদৰ খেলপথাৰত চলি থকা পশুধন আৰু হাঁহ-কুকুৰা মেলাৰ আজি দ্বিতীয় দিনা পশুপালন বিভাগৰ সচিব অভিজিত বৰুৱাৰ পৌৰোহিত্যত পশুপালক-উদ্যোগী আৰু বেংক বিষয়াসকলৰ মাজত ঋণ সম্পৰ্কীয় এক আলোচনা-চক্ৰ অনুষ্ঠিত হয়। এই আলোচনা-চক্ৰত নাবাৰ্ড, পাঞ্জাব নেচনেল বেংক, ষ্টেট বেংক অৱ ইণ্ডিয়া, ইউনাইটেড বেংক, ইউকো বেংক আদি কেইবাটাও বেংক তথা বিত্তীয় প্ৰতিষ্ঠানৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। আলোচনা-চক্ৰত উপস্থিত থকা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শতাধিক পশুপালক তথা উদ্যোগীক বেংক বিষয়াসকলে কে চি চি ঋণ আৰু পশুপালনৰ বাবে লাভ কৰিব পৰা অন্য ঋণৰ তথ্যসমূহ অৱগত কৰায় আৰু পশুপালকসকলক এই ঋণৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। আলোচনা-চক্ৰত অংশগ্ৰহণ কৰি কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই পশুপালনৰ বাবে ঋণ বিচাৰি যোৱা যোগ্যতাসম্পন্ন যুৱক-যুৱতীসকলক বিমুখ নকৰি ঋণ প্ৰদান কৰিবলৈ বেংক বিষয়াসকলৰ প্ৰতি আহ্বান জনায়। আলোচনা-চক্ৰত ভাগ লৈ অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই কয় যে অসমত পশুধন খণ্ডই বিশেষ গতিশীলতাৰে আগবাঢ়ি সোণালী জখলা বগাবলৈ সক্ষম হৈছে। বেংক কৰ্তৃপক্ষৰ লগতে আমি সকলোৱে এইক্ষেত্ৰত সাৰ-পানী যোগোৱা উচিত। আনহাতে, মেলাত আজি পশুধনৰ হঠাতে হোৱা ৰোগ আৰু ইয়াৰ প্ৰতিৰোধ তথা নিয়ন্ত্ৰণ সম্পৰ্কীয় এখন সত্ৰৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰু কণী খোৱা তথা কণী যুঁজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উল্লেখনীয় যে এইবাৰৰ মেলাত যথেষ্ট লোকৰ সমাগম হৈছে। আয়োজকসকলে জনোৱা মতে, কাইলৈ অন্তিম দিনা পুৱা ন বজাত কুকুৰ আৰু মেকুৰী প্ৰদৰ্শনীমূলক প্ৰতিযোগিতা অনুষ্ঠিত হ’ব আৰু বিয়লি ৩.৩০ বজাত অন্তিমখন মুকলি সভাৰ আয়োজন কৰা হৈছে। মুকলি সভাত জিলা আৰু ৰাজ্যৰ শ্ৰেষ্ঠ পশুপালকসকলক বঁটা প্ৰদান কৰা হ’ব । উল্লেখ্য যে নিজ মাতৃক লগত লৈ ‘পশুধন আৰু হাঁহ-কুকুৰা মেলা ২০২৪’ত উপস্থিত হয় মন্ত্ৰী অতুল বৰা।