নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত শিক্ষকৰ ৰূপত মন্ত্ৰী পৰিমল শুক্লবৈদ্য

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰী  : হোজাই জিলাৰ যোগীজান শিক্ষাখণ্ডৰ অন্তৰ্গত জনকল্যাণ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা গুণোৎসৱত উপস্থিত হয় আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য। জিলাখনত গুণোৎসৱৰ শেষ দিনা মন্ত্ৰীগৰাকীক দেখা গ’ল শিক্ষকৰ ৰূপত।

মন্ত্ৰীগৰাকীয়ে উপস্থিত হৈ বিদ্যালয়খনৰ প্ৰতিটো শ্ৰেণীকোঠাত সোমাই ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰে।  লগতে বিদ্যালয়খনৰ শিক্ষক সমাজ, অভিভাৱকসকলৰ লগতো মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে হোজাই জিলাৰ লংকা আৰু যোগীজান শিক্ষাখণ্ডৰ অন্তৰ্গত ৯৩৯খন বিদ্যালয়ত অনুষ্ঠিত হয় গুণোৎসৱ।

প্ৰেৰক কিশলয় দেৱ গোস্বামী

You might also like