মুখ্যমন্ত্রী, উপ–মুখ্যমন্ত্রীৰ খাদ্যত বার্ষিক খৰচ ৬.৫ কোটি
🔹 দুটা সংস্থাক চুক্তিত নিয়োগ মহাৰাষ্ট্র চৰকাৰৰ
বিশেষ বাৰ্তা, ৭ জানুৱাৰী : মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী একনাথ শিন্দেৰ চৰকাৰী বাসভৱন ‘বর্ষা’ আৰু উপ–মুখ্যমন্ত্রী দেৱেন্দ্র ফাড়নাৱিজৰ বাসভৱন ‘সাগৰ’ত খাদ্য তথা পানীয় সৰবৰাহৰ বাবে বছৰি ৫ কোটি টকাৰ চুক্তিত দুটা সংস্থাক অনুমোদন দিছিল৷ ইয়াৰ ১০ মাহ পিছত আনগৰাকী উপ–মুখ্যমন্ত্রী অজিত পাৱাৰৰ চৰকাৰী বাসভৱনৰ বাবে ১.৫ কোটি টকাৰ চুক্তিত অন্য এটা সংস্থাক নিয়োগ কৰিছে চৰকাৰে৷ শিন্দেৰ বাসগৃহত বছৰি খাদ্য আৰু পানীয়ৰ বাবে ৩.৫ কোটি টকা মহাৰাষ্ট্র চৰকাৰে খৰচ কৰাৰ বিপৰীতে দুয়োগৰাকী উপ–মুখ্যমন্ত্রীৰ বাসগৃহত ৩ কোটি টকা বছৰি খৰচ কৰাৰ সিদ্ধান্ত লৈছে৷