সাগৰত ডুব যাবলৈ ধৰা জাপানৰ এটা বিমানবন্দৰ !
বিশেষ বাৰ্তা, ৭ জানুৱাৰী : প্ৰযুক্তিৰ ক্ষেত্ৰত জাপান সদায় আগবঢ়া আৰু নিজৰ নামত বহু অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। জাপানে সাগৰত বিমানবন্দৰ নিৰ্মাণ কৰি ইতিহাসত নিজৰ নাম খোদিত কৰিছে যদিও এতিয়া সেই বিমানবন্দৰটো লাহে লাহে ডুব যাবলৈ আৰম্ভ কৰিছে ! জাপানৰ গ্ৰেটাৰ ওছাকাত অৱস্থিত কনছাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ নিৰ্মাণৰ বাবে এটা কৃত্ৰিম দ্বীপ সৃষ্টি কৰা হৈছিল। এই বিমানবন্দৰ নিৰ্মাণৰ বাবে ২০ বিলিয়ন ডলাৰতকৈ অধিক ধন ব্যয় কৰা হৈছিল। ১৯৯৪ চনৰ পৰা কনছাই বিমানবন্দৰৰ ব্যৱহাৰ আৰম্ভ কৰা হয়। প্ৰায় ৩০ বছৰ ধৰি এই বিমানবন্দৰটো ব্যৱহাৰ হোৱাৰ পিছত এতিয়া ডুব যোৱাৰ আশংকা ঘনীভূত হৈছে । ২০১৮ চনত কৰা এক অধ্যয়নৰ পিছত বিশেষজ্ঞসকলে দাবী কৰে যে এই বিমানবন্দৰটো ইতিমধ্যে ৪০ ফুট ডুব গৈছে, যিটো অনুমানতকৈ ২৫ শতাংশ বেছি। ১৯৮৭ চনৰ পৰা এই বিমানবন্দৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল আৰু ইয়াক সম্পূৰ্ণ কৰিবলৈ ৭ বছৰ সময় লাগিছিল। এই বিমানবন্দৰটোৰ বিশেষত্ব এয়ে যে ইয়াৰ ৰানৱে সাধাৰণ বিমানবন্দৰৰ তুলনাত দুগুণ দীঘল অৰ্থাৎ ৪০০০ মিটাৰ পৰ্যন্ত। সমুদ্ৰৰ পাৰৰ পৰা দুমাইল দূৰত্বত অৱস্থিত এই বিমানবন্দৰটো। ই জাপানৰ তৃতীয় ব্যস্ত বিমানবন্দৰ।