মুম্বাইত দেশীয় অস্ত্র–শস্ত্রসহ ৬জনক গ্রেপ্তাৰ এটিএছৰ
বিশেষ বাৰ্তা, ৭ জানুৱাৰী : মুম্বাই আৰক্ষীৰ সন্ত্রাসবিৰোধী গোট চমুকৈ মুম্বাই এটিএছে অভিযান চলাই বৰিৱালিৰ পৰা দেশীয় অস্ত্র–শস্ত্রসহ ৬জনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ গোপন সূত্রৰ পম খেদি মুম্বাই উপ–নগৰীয় বৰিৱালিৰ অতিথি গৃহত অভিযান চলাই এটিএছে ৬জনক গ্রেপ্তাৰ কৰাৰ লগতে দেশীয়ভাৱে নির্মিত দুটা পিষ্টল, চাৰিটা মেগজিন, ২৯টা বুলেট, চুৰি গাড়ী জব্দ কৰে৷ গ্রেপ্তাৰ কৰা ব্যক্তিকেইজন নতুন দিল্লী আৰু উত্তৰ প্রদেশৰ বুলি এটিএছে প্রকাশ কৰিছে৷ এটিএছে প্রকাশ কৰা মতে, বৰিৱালি ৰে’লৱে ষ্টেচনৰ সমীপৰ ইলোৰা অতিথি গৃহত বাহৰ পাতি থকা ৬জনক গ্রেপ্তাৰ কৰাৰ পিছত তেওঁলোকৰ হাতত থকা অস্ত্র–শস্ত্র জব্দ কৰে৷ গ্রেপ্তাৰ কৰা ব্যক্তিকেইজন নতুন দিল্লীৰ নাদিম ইউছুফ আনছাৰি, উত্তৰ প্রদেশৰ ৰিজবান আব্দুল লতিফ, নৌছাদ আনৱাৰ আৰু আদিল খান বুলি এটিএছে প্রকাশ কৰিছে৷ ইতিমধ্যে গ্রেপ্তাৰ কৰা ৬জন ব্যক্তিক এটিএছে পৰৱর্তী তদন্তৰ বাবে কস্তুৰবা মার্গ আৰক্ষী থানাত চমজাই দিছে৷