নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ ভাৰত ভ্রমণৰ প্রাকমুহূর্তত দিল্লীত অভূতপূর্ব নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে৷ দিল্লীৰ বিভিন্ন স্পর্শকাতৰ অঞ্চলত অর্ধসামৰিক বাহিনী আৰু সেনাই তীক্ষ্ণ নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে৷ বিশেষকৈ দেশৰ ৰাজধানীত থকা আই টি চি মৌর্য হোটেলৰ চাৰিওকাষে অভাৱনীয়ভাৱে ব্যস্ত হৈ পৰিছে নিৰাপত্তাৰক্ষী৷ এই হোটেলতে থাকিব মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প৷
মৌর্য হোটেলৰ ওচৰত থকা সু–উচ্চ অট্টালিকাৰ বিভিন্ন পথ আৰু কাষৰীয়া অঞ্চলত এন এছ জিৰ এণ্টী–ড্র’ন গোট, স্নাইপাৰ, এলিট শ্বাট কমাণ্ডো, কাইট কেটচার্ছ, কেনাইন ইউনিট, শ্বার্প শ্বুটাৰ আৰু পৰাক্রম ভান সাজু কৰি ৰখা হৈছে৷ নিৰাপত্তা ব্যৱস্থা সুদৃঢ় কৰিবৰ বাবে ছখন ৰাজ্যৰ পৰা আনিছে কমেও ৪০টাকৈ চেণ্ড্রেল আর্মড পুলিচ ফ’চৰ জোৱান৷
আনহাতে, আই টি চি মৌর্য হোটেললৈ যোৱা চর্দাৰ পেটেল মার্গত শতাধিক উচ্চ প্রযুক্তিসম্পন্ন তথা নিশাও কার্যক্ষম চি চি টিভি কেমেৰা সংযোগ কৰা হৈছে৷ দিল্লীৰ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, সেনা আৰু অর্ধসামৰিক বাহিনীৰ জৰিয়তে অঞ্চলটোত বিশেষ অভিযানো চলোৱা হৈছে, যাতে সম্ভাব্য কূটাঘাত ৰোধ কৰিব পাৰি৷
আৰক্ষীয়ে ড’নাল্ড ট্রাম্পৰ কনভয় পাৰ হৈ যাবলগীয়া পথসমূহৰ কাষত দ্বৈত বেৰিকেডৰ ব্যৱস্থা কৰিছে৷ আনহাতে, মৌর্য হোটেলত তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থা স্থাপন কৰা হৈছে৷ আৰক্ষীৰ সূত্রই জনোৱা মতে, এন এছ জি কমাণ্ডো আৰু দিল্লী আৰক্ষীৰ সহযোগত দুসপ্তাহ পূর্বৰ পৰাই নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে৷ আমেৰিকা দূতাবাসৰ বিষয়াসকলেও দিল্লী আৰক্ষীৰ এই নিৰাপত্তা ব্যৱস্থা পর্যবেক্ষণ কৰিছে৷