গোলোকগঞ্জত জ্যেষ্ঠ নাগৰিক সভাত প্ৰসন্ন কুমাৰ বৰঠাকুৰ
বাৰ্তা ডিজিটেল ডেস্ক, ৮ জানুৱাৰীঃ “জ্যেষ্ঠ নাগৰিক সকলক দেশৰ অমূল্য সম্পদ বুলি কোৱা হয়। জীৱনজোৰা সাধনাৰে নিজৰ কৰ্তব্য সমাপন কৰি প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিকে দেশ দহৰ উপকাৰ সাধিছে। অথচ এনে জ্যেষ্ঠ নাগৰিকৰ প্ৰাপ্যৰ ক্ষেত্ৰত চৰকাৰী ভাবে সমাপন কৰা নাই।সেয়ে জ্যেষ্ঠ নাগৰিকৰ আবেদন উপেক্ষা কৰা নচলিব। আজি আমাৰ দেশৰ লক্ষ লক্ষ জ্যেষ্ঠ নাগৰিক সংঘবদ্ধ। প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিকে দুবেলা দুমুঠী ভালদৰে খোৱাৰ সূবিধা নোপোৱাৰ বেদনা সহ্য নকৰোঁ। চৰকাৰে সময়ত ব্যৱস্থা লোৱাৰ পুনৰ আহ্বান জনালোঁ।”আজি ধুবুৰী জিলাৰ গোলোকগঞ্জ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰথম বাৰ্ষিক অধিবেশন উপলক্ষে জগমোহন বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত মুকলি সভাৰ মূখ্য অতিথিৰ ভাষাত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰধান সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰে এনেদৰে কয়। ভাষণ প্ৰসংগত বক্তাগৰাকীয়ে এজন জ্যেষ্ঠ নাগৰিকক মাহেকে ২৫০ টকা পেন্সন দিয়া ব্যাৱস্থা, চিকিৎসা ৰ বাবে জেৰিয়াট্ৰিক ব্যাৱস্থা নথকা, সামাজিক মূল্যবোধৰ অবক্ষয় দেখিও সূব্যৱস্হা নকৰা আদি বিষয়ত পৰ্যালোচনা কৰি চৰকাৰৰ দায়বদ্ধতা ব্যাখ্যা কৰি আকৌ কোনো বঞ্চনা সহ্য কৰা নহব বুলি কয়।গোলোকগঞ্জ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ড, সন্তোষ কুমাৰ সৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে বক্তব্য ৰাখি অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰেছ আৰু জনসম্পৰ্ক সম্পাদক ৰমনী বৰ্মনে পৃথিৱীৰ বিভিন্ন দেশৰ জ্যেষ্ঠ নাগৰিক সকলৰ জীৱন যাপনৰ উদাহৰন দাঙি ধৰি আমাৰ দেশৰ বৰ্তমান জ্যেষ্ঠ নাগৰিকৰ পৰিসংখ্যাৰ বৰ্ননাৰে সকলো জ্যেষ্ঠ নাগৰিকক চিন্তা চেতনাৰে আগবাঢ়ি কাম কৰাৰ সময় সমাগত বুলি কয়। সাম্প্ৰতিক সময়ত সমাজ জীৱনৰ মূল্যবোধৰ অৱক্ষয়ৰ ক্ষেত্ৰত প্ৰতি গৰাকী জ্যেষ্ঠ নাগৰিকে দায়বদ্ধ তাৰে চৰকাৰী প্ৰতিনিধিক যথাসময়ত দায়বদ্ধতাৰ কথা ব্যাখ্যা কৰাৰ আহ্বান জনায়। সভাত ধুবুৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাধাৰণ সম্পাদক ড,আক্কাবৰ আলী আহমেদে বিশিষ্ট অতিথিৰ আসনৰ পৰা জ্যেষ্ঠ নাগৰিকৰ প্ৰাপ্তিৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই ঘোষণা কৰা সুবিধাৰ ক্ষেত্ৰত চৰকাৰে আজি সঠিকভাবে ৰূপায়ন নকৰাটো অতি পৰিতাপৰ কথা বুলি কয়। জ্যেষ্ঠ জন প্ৰয়োজনত ৰাজপথত নামিবলৈ বাধ্য হ’ব বুলি তেওঁ ব্যাখ্যা কৰে।সভাত জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি সুভাষচন্দ্ৰ ৰায়ে অধিবেশন উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থখন উন্মোচন কৰে। বিভিন্ন প্ৰান্তৰ পৰা অহা অৱসৰী চিকিৎসক, অধ্যাপক, শিক্ষক, বিভিন্নজন বিষয়া, কৰ্মচাৰী, দিনমজুৰ, শ্ৰমকাৰীলোক, সাহিত্যিকে ধৰি শ্ৰেষ্ঠ জনৰ সমবেত হয়।সভাত বিশিষ্ট জ্যেষ্ঠ নাগৰিক ক্ৰমে সম্পদলাল সেঠীয়া, ৰেণুপ্ৰভা দাস হাজৰিকা খুদুৰাম ৰায়, দীপিকা দাস সৰকাৰ, আৰু ৰজত কুমাৰ ৰায়ক আকৰ্ষনীয় গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।