চৰকাৰী টিভি চেনেলত দুর্বৃত্তৰ চাঞ্চল্যকৰ আক্রমণ
বিশেষ বাৰ্তা, ১১ জানুৱাৰী : লেটিন আমেৰিকান ৰাষ্ট্র ইকুৱেডৰ অশান্ত হৈ পৰিছে অপৰাধী চক্রৰ তাণ্ডৱত৷ চৰকাৰী টেলিভিছন চেনেলত চলি আছিল অনুষ্ঠান৷ হঠাতে ক’লা কাপোৰেৰে মুখ ঢাকি বন্দুক, ডিনামাইট, গ্রেনেড লৈ দুর্বৃত্তৰ দলে প্রৱেশ কৰিলে চেনেলটোৰ কার্যালয়ত৷ লগে লগে চেনেল উৰুৱাই দিয়াৰ ভাবুকি আৰু কর্মীসকলক হত্যাৰ হুংকাৰ দিবলৈ ধৰিলে৷ থৰহৰি কম্পমান এংকৰ আৰু অতিথিসকল৷ এংকৰসহ অতিথিসকলক মজিয়াত মুখ পেলাই পৰি থাকিবলৈ বাধ্য কৰালে দুর্বৃত্তৰ দলে৷ সকলোৰে হাত পিছ মুৱাকৈ বান্ধি দিয়া হ’ল৷ ইয়াৰ পিছতে চেনেলৰ সংযোগ বিচ্ছিন্ন কৰি দিয়া হয়৷ ইকুৱেডৰৰ এই ভয়াৱহ পৰিস্থিতিয়ে বিশ্বজুৰি সৃষ্টি কৰিছে চাঞ্চল্য৷ টিভি চেনেলত দুর্বৃত্তৰ তাণ্ডৱ ইয়াৰ যেন এটা সৰু উদাহৰণহে৷ যোৱা সোমবাৰে লেটিন আমেৰিকাৰ এই দেশখনত জাৰি কৰা হৈছে জৰুৰী অৱস্থা৷ ৬০ দিন ধৰি চলিবলগীয়া এই জৰুৰী অৱস্থাত ড্রাগছ সৰবৰাহকাৰী তথা অপৰাধী চক্রক নির্মূল কৰাৰ হুংকাৰ দিছে ৰাষ্ট্রপতিয়ে৷ কিন্তু দিনৰ পোহৰতে অপৰাধীয়ে অপহৰণ কৰিছে বহু লোকক৷ নামত গণতন্ত্র চলি আছে যদিও দেশখনত মাফিয়াৰ শাসন চলে৷ শেহতীয়াকৈ অপশাসনৰ অৱসান ঘটাবলৈ সংকল্প লৈছে দেশৰ ৪৮সংখ্যক ৰাষ্ট্রপতি ডেনিয়েল নোবোৱাই৷ ৩৫ বছৰীয়া নোবোৱাই আমেৰিকাত উচ্চ শিক্ষা গ্রহণ কৰি আহি অপৰাধী চক্রৰ বিৰুদ্ধে কঠোৰ হোৱাৰ হুংকাৰ দিছে৷ কিন্তু ইকুৱেডৰৰ আভ্যন্তৰীণ পৰিস্থিতি নিয়ন্ত্রিত হৈ আহিছে এই কুখ্যাত অপৰাধী চক্রৰ জৰিয়তে৷ লক্ষণীয় যে মাফিয়া ডন তথা ড্রাগছ সৰবৰাহকাৰী জ’ছে আড’লফো মাচিয়াছ ওৰফে ফিট’ৱে কাৰাগাৰৰ পৰা পলায়ন কৰাৰ পিছতে দেশখনত জৰুৰী অৱস্থা জাৰি কৰে নোবোৱাই৷ ইয়াৰ মাজতে সকলো নিৰাপত্তা বেহু ভাঙি অপৰাধী চক্রই টেলিভিছন চেনেলত তাণ্ডৱ সৃষ্টি কৰি বিশ্বজুৰি দেশখনত চলি থকা নৈৰাজ্যক উদঙাই দিছে৷