🔹 ‘কা’ আন্দোলন- মুখ্যমন্ত্রীৰ প্রতিক্রিয়া
🔹 ‘আন্দোলন কৰিবলৈ উচটাই নিজে ঘৰত ব্রেড–বাটাৰ খাই থাকে’
ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ জানুৱাৰী : নাগৰিকত্ব সংশোধনী আইন, চমুকৈ ‘কা’ৰ বিৰুদ্ধে ৰাইজক পুনৰ আন্দোলনত জঁপিয়াই পৰিবলৈ ড০ হীৰেন গোহাঁয়ে জনোৱা আহ্বানক লৈ কালি তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ৰাজ্যিক বিজেপিৰ কার্যালয়ত সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রী ড০ শর্মাৰ এই সন্দর্ভত মন্তব্য– প্রতিবাদৰ নামত হীৰেন গোহাঁয়ে ঘৰতে বহি ব্রেড–বাটাৰ খাই যুৱশক্তিক ধ্বংস কৰি আহিছে৷ ড০ হীৰেন গোহাঁয়ে কেৱল আনক উচটাইহে আন্দোলন কৰে৷ তেওঁ কয়– জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, আছু, অখিল গগৈ আদিয়ে আন্দোলন কৰে আৰু সেয়া সকলোৱে দেখি আহিছে৷ কিন্তু ড০ হীৰেন গোহাঁইক আন্দোলন কৰা কোনোবাই দেখিছেনে? মই জীৱনৰ ৫৫টা বছৰত তেওঁক আন্দোলন কৰা দেখা নাই৷ ড০ হীৰেন গোহাঁয়ে নিজে সুৰক্ষিত স্থানত থাকে আৰু বেছি কষ্ট হ’লে আমেৰিকালৈ গুচি যায়৷ তেওঁৰ জীৱনৰ বুৰঞ্জী এয়া৷ তেওঁ কেতিয়াও আন্দোলন কৰি পুলিচৰ মাৰ খোৱা নাই৷ অসমত আন্দোলন হ’ব পাৰে, সেয়া আমি স্বীকাৰ কৰোঁ৷ তেওঁৰ দৰে ডুপ্লিকেট মাল আজিলৈকে দেখা নাই৷ বাকী সকলোৱে যি কৰে খোলাকৈ কৰে৷ আমি ভাল পাওঁ, বেয়া পাওঁ সেয়া বেলেগ কথা৷ আছু, কংগ্রেছ, অখিল গগৈয়ে যি কৰে সন্মুখতেই কৰে৷ কিন্তু ড০ হীৰেন গোহাঁয়ে সংবাদ মেল সম্বোধি পৰিৱেশটো ধুঁৱলী–কুঁৱলী হ’লেই নিজকে ঘৰত আবদ্ধ কৰি ৰাখে৷ দৰাচলতে তেওঁ সংবাদ মাধ্যমৰ গুৰুত্বপূর্ণ সময়হে নষ্ট কৰে৷ উল্লেখ্য যে ‘কা’বিৰোধী সমন্বয় সমিতিৰ সভাপতি হিচাপে পৰহি ড০ হীৰেন গোহাঁয়ে দল–সংগঠনসমূহক ‘কা’ আন্দোলন আৰম্ভ কৰাৰ আহ্বান জনাইছিল৷