নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত হাতত মেটেল ডিটেক্টৰ লৈ নিশ্ছিদ্র তালাচী আৰক্ষীৰ বিশেষ শাখাৰ

বিশেষ বাৰ্তা, ১৬ জানুৱাৰী :  সমগ্র লখিমপুৰ নগৰত চলিছে আৰক্ষীৰ নিশ্ছিদ্র তালাচী। আৰক্ষীৰ কঠোৰ তালাচীৰ উপৰি চৌদিশে পিয়াপি দিছে আৰক্ষীৰ বিশেষ শাখাৰ লোক। হাতত মেটেল ডিটেক্টৰ লৈ জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ চৌহদৰ পৰা নগৰখনৰ সকলো কাৰ্য্যালয়ৰ চৌহদ, ৰাজহুৱা স্থান, লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ আদিত  আৰক্ষীৰ বিশেষ শাখাৰ লোকে অহৰ্নিশে বিস্ফোৰকজাতীয় বস্তুৰ সন্ধান কৰিছে। কিছুদিনৰ পৰা নগৰখনত এই পৰিৱেশ বিৰাজ কৰিছে। আৰক্ষীৰ এনে তৎপৰতাই কোনো ভিআইপিৰ আগমনৰ ইংগিত প্ৰকাশ কৰে যদিও দৰাচলতে তেনে নহয়। সমাগত ৭৫ সংখ্যক গণৰাজ্য দিৱস উপলক্ষেহে আৰক্ষীৰ এই তৎপৰতা। শান্তিপূৰ্ণভাৱে গণৰাজ্য দিৱস অনুষ্ঠিত কৰাৰ বাবে আৰক্ষীয়ে এনে বিশেষ সুৰক্ষা ব্যৱস্থা গ্রহণ কৰিছে। গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিবলগীয়া লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখন কিছুদিনৰ আগৰে পৰা আৰক্ষীৰ কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰখা হৈছে। পথাৰখনৰ চৌদিশে চি চি টিভি স্থাপন কৰাৰ লগতে আৰক্ষীৰ শিবিৰ স্হাপন কৰি চৌবিশ  ঘন্টাই খেলপথাৰখন কঠোৰ দৃষ্টিত ৰখা হৈছে। সমাগত গণৰাজ্য দিৱসটো যাতে শান্তিপূৰ্ণভাৱে পালন কৰিব পাৰি, তাৰ বাবে আৰক্ষী অথবা জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্রহণ কৰিছে৷
You might also like