নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলিকতাত উৰুকা উদযাপন অসম ছচিঅ’ লিটাৰেৰী ক্লাবৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ জানুৱাৰীঃ অসমীয়াৰ বাপতিসাহোন ভোগালী বিহুৰ উৰুকা দেওবাৰে কলকাতাস্থিত অসমীয়াৰ অনন্য জাতীয় অনুষ্ঠান অসম ছচিঅ’ লিটাৰেৰী ক্লাবৰ উদ্যোগত কলিকতাৰ অসম ভৱনত বাৰেবৰণীয়া কৃষ্টি সংস্কৃতিৰ মাজেৰে চেনেহৰ ভোগালী বিহু উদযাপন কৰা হয়। এই উপলক্ষে, কলিকতাবাসী অসমীয়া মহিলা সকলে নিজে তৈয়াৰ কৰা লাড়ু পিঠা, জলপান, অসমীয়া গহনা, চাদৰ মেখেলা আদিৰে ভোগালী মেলাৰ আয়োজন কৰে। অসম ভৱনৰ যুটীয়া সচিব মিৰাণ্ডা দাসে উক্ত মেলাৰ শুভাৰম্ভণি কৰি প্ৰবাসত জাতীয় পৰম্পৰা ৰক্ষা কৰাৰ ই এক নিদৰ্শন বুলি শলাগ লয়। ইয়াৰ পিছত বিভিন্ন খেল ধেমালি আৰু বাৰেবৰণীয়া কৃষ্টি সংস্কৃতিৰ সমাহাৰেৰে সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয়। অনুষ্ঠানত কণ্ঠশিল্পী প্ৰীতিষা কলিতা, নিশান্ত ফুকন, মিতালী শইকীয়া, কৌশিক শইকীয়া, প্ৰাণজিত হাজৰিকা, কস্তুৰী গোস্বামী, বিদ্যুৎপল গগৈ, জয়ন্ত চক্ৰৱৰ্তী, জ্ঞানাক্ষি চক্ৰৱৰ্তীৰ গান, প্ৰিয়ালীম ফুকনৰ বিহু নৃত্য, সমূহীয়া বিহু নৃত্য আদিৰে মুখৰ হৈ পৰে অসম ভৱন প্ৰাংগণ। অনুষ্ঠানৰ আঁত ধৰে কৰীশ্মা কাশ্যপে। অসম ভৱনৰ আবাসিক আয়ুক্ত তাপস দেবে মেজি দাহন অনুষ্ঠান সমাপন কৰে। ইয়াৰ পিছত শংখ ঘণ্টাৰ ধ্বনিৰে গোটকৰাই, লাৰু পিঠা আদিৰে সম্পূৰ্ণ পৰম্পৰাগতভাৱে অগ্নি সেৱা কাৰ্য্য সম্পাদন কৰাৰ পিছত সামূহিক উৰুকা ভোজ ভাত খাই ভোগালীৰ কাৰ্য্যসূচীৰ সমাপন ঘটে।

You might also like