নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শামুকৰ পেটত মানিক.. প্ৰমাণ কৰি দেখুৱালে নাৰায়ন দাসে

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন কমলপুৰৰ নাৰায়ন দাসৰ । এগৰাকী ফাৰ্মাচিষ্ট হিচাপে এখন ব্যক্তিগত হাস্পিতালৰ পৰা কাম বাদ দি এতিয়া শামুকৰ পেটত মানিক প্ৰস্তুত কৰা কামত মনোনিৱেশ কৰিছে নাৰায়ণ দাসে । অসমৰ খাল-বিল আদিত সহজতে উপলব্ধ জোনাই শামুকৰ পৰা এই মানিক প্ৰস্তুত কৰি আহিছে নাৰায়নে। বিগত ডেৰবছৰ ধৰি এই কৰ্মটোত নিজকে জড়িত ৰাখিছে নাৰায়নে । প্ৰচুৰ পৰিমাণে চাহিদা থকা এই মুকুটা এতিয়া হায়দৰাবাদত ইয়াৰ কেচামাল হিচাপে যোগন ধৰি আহিছে নাৰায়নে ।অসমতো ইয়াৰ সুকীয়া বজাৰৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰে শিল্পী গৰাকীয়ে । প্ৰথমবাৰৰ বাবে শিল্পী গৰাকীয়ে ৩-৪ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিছে । নিৱনুৱাৰ যুৱক-যুৱতীৰ বাবে এতিয়া নাৰায়ণ দাস হৈ পৰিছে এক আশাৰ বতৰা । সুদূৰ ডিব্ৰুগড়ৰ পৰা ঢপলিয়াই আহিছে দুগৰাকী নিবনুৱা যুৱক প্ৰশিক্ষণ লোৱাৰ উদ্দেশ্য আহিছে । ইয়াৰ পৰা প্ৰশিক্ষণ লৈ নিজাববীয়াকৈ এই কামত নিয়োজিত হ’ব বুলি যুৱক দুগৰাকীয়ে জানিবলৈ দিছে। হাজোৰ পৰা ক্ৰয় কৰি আনি শামুকবোৰ বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণৰ ব্যৱস্থা কৰিছে । নিজৰ ইচ্ছা শক্তিৰে কামত আগবাঢ়িলে সকলো কামে সম্ভৱ হৈ উঠে । অতিকৈ পিছপৰা ৰাইপাট গাঁৱৰ নাৰায়ন দাস হৈছে এক উৎকৃষ্ট নিদৰ্শন । পত্নীয়ে নাৰায়ণক প্ৰতিটো কামতে সহায় কৰি আহিছে । নাৰায়ণ দাসৰ এনে পদক্ষেপক সকলোৱে আদৰণি জনাইছে ।

You might also like