নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ নাগৰিকত্ব আইনৰ বিৰুদ্ধে ৰাজধানী দিল্লীত বৰ্তমানো অব্যাহত আছে হিংসা । আজি এনে হিংসাৰ মাজতে প্ৰতিবাদকাৰীসকলে কেইবাখনো বাহনত অগ্নিসংযোগ কৰাৰ লগতে আৰক্ষীৰ সৈতেও সংঘৰ্ষত লিপ্ত হয় । গকুলপুৰীত হোৱা এই সংঘৰ্ষত ৰতন লাল নামৰ এজন আৰক্ষী কনিষ্টবল নিহত হোৱাৰ লগতে ডিচিপি অমিত শৰ্মাও আহত হয় ।
ইপিনে এই ঘটনাৰ পাছতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছে ।