নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অযোধ্যাৰ ৰাম মন্দিৰত স্থাপন কৰা ‘ৰামলালা’ৰ মূৰ্তিৰ প্ৰথমখন ফটো

বিশেষ বাৰ্তা, ১৯ জানুৱাৰী : ২২ জানুৱাৰীত ৰাম মন্দিৰ মুকলি হোৱাৰ পূৰ্বে মন্দিৰৰ গৰ্ভগৃহত স্থাপন কৰা হৈছে ৰামলালাৰ মূৰ্তি। বৃহস্পতিবাৰে পুৱাৰ ভাগত মন্দিৰলৈ অনা হয় ভাস্কৰ্য শিল্পী অৰুণ যোগীৰাজে নিৰ্মাণ কৰা ৫১ ইঞ্চিৰ ৰামলালাৰ মূৰ্তিটো। ৰামলালাৰ মূৰ্তিৰ প্ৰথম ভিজুৱেল শ্বেয়াৰ কৰা হৈছিল, য’ত মূৰ্তিটো কাপোৰেৰে ঢাকি থোৱা দেখা গৈছিল। বৃহস্পতিবাৰে বিয়লি ৰামলালাৰ মূৰ্তিটো গৰ্ভগৃহত স্থাপন কৰা হয় বুলি সংবাদ সংস্থাক অভিষেক অনুষ্ঠানৰ সৈতে জড়িত পুৰোহিত অৰুণ দীক্ষিতে জনায়। প্ৰাৰ্থনা গাই এই কাম কৰা হৈছিল বুলি মন্দিৰ নিৰ্মাণৰ তদাৰক কৰি অহা সংস্থা শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে প্ৰকাশ কৰিছে। শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ ট্ৰাষ্টীয়ে কয় যে অহা ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান অনুষ্ঠিত হ’ব। তেওঁ লগতে কয় যে নিৰাপত্তাজনিত কাৰণত উদ্বোধনী দিনটোত কেৱল আমন্ত্ৰিত অতিথিসকলকহে মন্দিৰত প্ৰৱেশৰ অনুমতি দিয়া হ’ব। অহা ২২ জানুৱাৰীত ৰাম মন্দিৰত ‘প্ৰাণ প্ৰতিষ্ঠা’ অনুষ্ঠানৰ অন্তত পিছদিনা মন্দিৰটো জনসাধাৰণৰ বাবে মুকলি কৰাৰ সম্ভাৱনা আছে।

You might also like