নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ অধিৱেশনৰ লাইখুঁটা স্থাপন

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰী : সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ বিংশতিতম সাধাৰণ অধিৱেশনখনি অহা ৫ আৰু ৬ ফেব্ৰুৱাৰীত  টেঙাখাত মহাবিদ্যালয় প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ আয়োজন কৰা হৈছে ৷ অধিৱেশনৰ প্ৰস্তুতিৰ আৰম্ভণিতে আজি আনুষ্ঠানিকতাৰে লাইখুঁটা স্থাপন কৰা হয় ৷ তিৰলীয়া গাঁৱৰ মেধি দেৱেন গগৈৰ নেতৃত্বত বৈষ্ণৱ ভকত সমাজে মাংগলিক কাৰ্য সমাপন কৰে ৷ গায়ন-বায়ন বজাই সহযোগ কৰে নখঙীয়া গায়নিয়ালসকলে ৷ আয়তীৰ উৰুলি, আছুৰ জয়ধ্বনিৰে উদ্‌যাপন সমিতিৰ বিষয়ববীয়া আৰু আছুৰ ডিব্ৰুগড় জিলা আৰু টেঙাখাত আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে লাইখুঁটাটো স্থাপন কৰে ৷ লাইখুঁটা স্থাপন অনুষ্ঠানত উদ্‌যাপন সমিতিৰ সভাপতি লক্ষীনাথ শৰ্মা, কাৰ্যকৰী সভাপতি মৃদুল বণিয়া, টেঙাখাত মহাবিদ্যালয়ৰ অধ্যক্ষ যতীন্দ্ৰনাথ গগৈ, জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ঋতুপৰ্ণ হাতীমূৰীয়া,  সাধাৰণ সম্পাদক অৱনী কুমাৰ গগৈ, টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ শইকীয়াকে প্ৰমুখ্য কৰি টেঙাখাত অঞ্চলৰ বহুকেইজন বিশিষ্ট ব্যক্তিৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰী  উপস্থিত থাকে ৷ উদ্‌যাপন সমিতিৰ সম্পাদক অৰ্জুন ছেত্ৰীয়ে আঁত ধৰা আনুষ্ঠানত সভাপতি লক্ষীনাথ শৰ্মাই অধিৱেশনখনি সুকলমে অনুষ্ঠিত কৰিবলৈ টেঙাখাতবাসী ৰাইজৰ সহযোগিতা কামনা কৰি বক্তব্য ৰাখে ৷ 

প্ৰেৰক দীপক গগৈ
You might also like