নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজ আকাশত দাওদাওকৈ জ্বলিল বিমান

🔹 মিয়ামিত জৰুৰী অৱতৰণ কৰালে পাইলটে

বিশেষ বাৰ্তা, ১৯ জানুৱাৰী : মাজ আকাশত দাওদাওকৈ জ্বলিল বিমান৷ সেই অৱস্থাতেই পাইলটে বিমানখন উৰুৱাই লৈ গৈছে৷ ইয়াৰ পিছত জৰুৰী ভিত্তিত অৱতৰণ কৰা হৈছে৷ ভয়ংকৰ এই ঘটনাৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷ বিমানৰ বাঁও দিশৰ ইঞ্জিনৰ পৰা জুইৰ স্ফূলিংগ ছিটিকি ছিটিকি পৰা দেখিবলৈ পোৱা গৈছে ভিডিঅ’টোত৷ ঘটনাটো সংঘটিত হৈছে আমেৰিকাৰ বিমানত৷ সামুদ্রিক পৰিবাহী বিমানখন এটলাছ এয়াৰ লাইন্সৰ বুলি জানিব পৰা গৈছে৷ ইঞ্জিনত যান্ত্রিক বিজুতি ঘটি এনেদৰে অগ্নিকাণ্ডৰ সৃষ্টি হোৱা বুলি ধাৰণা কৰা হৈছে৷ কিন্তু জুই জ্বলি থকা বিমানখন অৱতৰণ কৰিবলৈ এয়াৰ ট্রেফিক কন্ট্ৰলৰ সৈতে যোগাযোগ কৰে পাইলটে৷ পাইলটগৰাকীৰ দক্ষতাৰ বাবে বিমানখন জৰুৰীভাৱে অৱতৰণ কৰাটো সম্ভৱ হৈছে৷ মিয়ামি বিমানবন্দৰত পূর্বৰে পৰা অগ্নিনির্বাপক বাহিনীক সাজু কৰি ৰখা হৈছিল বাবে বিমানখন অৱতৰণ কৰাৰ লগে লগে জুই নির্বাপণ কৰাটো সম্ভৱ হয়৷

You might also like