নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিঅ’ইৰ কর্মী উপস্থিত হোৱাৰ পূর্বে বাংলো খালী মহুৱাৰ

🔹 আৱাস এৰিলে টিএমচি নেত্রীয়ে

বিশেষ বাৰ্তা, ১৯ জানুৱাৰী : সাংসদ পদ খাৰিজ হোৱা তৃণমূল কংগ্রেছৰ নেত্রী মহুৱা মৈত্ৰক চৰকাৰী বাংলোৰ পৰা উচ্ছেদ কৰিবলৈ কেন্দ্রীয় চৰকাৰে আজি প্রশাসনীয় বিষয়াৰ দল প্রেৰণ কৰে৷ কিন্তু মহুৱা মৈত্ৰৰ অধিবক্তাই সংবাদ মাধ্যমক জনোৱা অনুসৰি কেন্দ্রীয় কর্মীৰ দল উপস্থিত হোৱাৰ পূর্বেই বাংলো খালী কৰি দিয়ে মহুৱাই৷ আজি পুৱা ১০ বজাত মহুৱা মৈত্ৰই চৰকাৰী বাংলো খালী কৰি দিয়া বুলি অধিবক্তাগৰাকীয়ে সংবাদ সংস্থা পিটিআইক জনাইছে৷ ডিৰেক্টৰেট অৱ ইষ্টেট (ডিঅ’ই)ৰ দল এটা আজি মহুৱা মৈত্ৰৰ বাংলোত উপস্থিত হয়৷ ইয়াৰ পূর্বেই বাংলোৰ পৰা বিভিন্ন আচবাব তথা সামগ্রী মহুৱাই গাড়ীৰে লৈ যায় বুলি সংবাদ মাধ্যমে সদৰী কৰিছে৷

You might also like