নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬০টা ৰাম ভজন মুকলি কৰিলে প্রধানমন্ত্রীয়ে

🔹 প্রাণ প্রতিষ্ঠা উৎসৱৰ প্রৱেশ–পত্র মুকলি শ্রীৰাম জনমভূমি তীর্থক্ষেত্র ন্যাসৰ

🔹 কিউআৰ ক’ড স্কেন কৰাৰ পিছতহে প্রৱেশ কৰিব পাৰিব

বিশেষ বাৰ্তা, ২০ জানুৱাৰী : বহুপ্রতীক্ষিত অযোধ্যাৰ ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা উৎসৱৰ প্রায় ৬০ ঘণ্টা পূর্বেই কোটি কোটি ৰামভক্তৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে মন্দিৰৰ গর্ভগৃহত প্রতিষ্ঠা কৰা বালক ৰামৰ মূর্তিৰ মুখমণ্ডল৷ পৰহি ধর্মীয় ৰীতি–নীতিৰে অযোধ্যাৰ ৰাম মন্দিৰৰ গর্ভগৃহত ৫১ ইঞ্চিৰ বালক ৰামৰ মূর্তি স্থাপন কৰাৰ পিছত কালি মন্দিৰ কর্তৃপক্ষই মূর্তিটোৰ মুখমণ্ডল আলোকচিত্রযোগে মুকলি কৰে৷ মন্দিৰটোৰ ব্যৱস্থাপনাত থকা শ্রীৰাম জনমভূমি তীর্থক্ষেত্র ন্যাসে প্রাণ প্রতিষ্ঠা উৎসৱৰ কাৰণে কালি প্রৱেশ–পত্র মুকলি কৰে৷ এই প্রৱেশ–পত্রৰ জৰিয়তেহে ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা উৎসৱত অংশ ল’ব পাৰিব৷ প্রৱেশ–পত্রত থকা কিউ আৰ ক’ড স্কেনিং কৰিহে কার্যসূচীত অংশ ল’ব পাৰিব বুলি ৰাম জনমভূমি তীর্থক্ষেত্র ন্যাসে প্রকাশ কৰিছে৷ উল্লেখ্য যে ইতিমধ্যে ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা উৎসৱৰ বাবে ৭ হাজাৰতকৈ অধিক অতিথিক পত্রযোগে আমন্ত্রণ জনোৱা হৈছে যদিও এই নিমন্ত্রণী পত্রই মূল কার্যসূচীত প্রৱেশৰ অনুমতি নিশ্চিত নকৰে বুলি তীর্থক্ষেত্র ন্যাসে সদৰী কৰিছে৷ এই নিমন্ত্রণী পত্রৰ লগত কিউ আৰ ক’ড সন্নিৱিষ্ট প্রৱেশ–পত্র থাকিব লাগিব৷ প্রৱেশ–পত্র অবিহনে প্রাণ প্রতিষ্ঠা উৎসৱত কোনোৱে অংশ ল’ব নোৱাৰিব বুলিও স্পষ্ট কৰি দিয়ে তীর্থক্ষেত্র ন্যাসে৷ ইপিনে, ৰাম মন্দিৰ প্রাণ প্রতিষ্ঠা উৎসৱৰ মূল হোতা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কালি সামাজিক মাধ্যমযোগে তেওঁৰ প্রিয়সহ ৬০তকৈ অধিক ৰামভজন প্রচাৰ কৰিছে৷ সামাজিক মাধ্যমত ৬০তকৈ অধিক ৰাম ভজন প্রচাৰ কৰি প্রধানমন্ত্রী মোদীয়ে দেশৰ ৰামভক্তই প্রতিটো ভজনত ভগৱান ৰামৰ সার্বজনীনতা অনুভৱ কৰিব পাৰিব বুলি আশা ব্যক্ত কৰিছে৷ প্রতিটো ভজনেই ভাষাৰ সীমা অতিক্রম কৰি সকলো লোককে আপ্লুত কৰিব বুলিও কয় প্রধানমন্ত্রীগৰাকীয়ে৷ তাৎপর্যপূর্ণ যে প্রধানমন্ত্রীগৰাকীয়ে বিশ্বৰ বিভিন্ন দেশৰ ভজনৰ সৈতেও লিংক কৰি দিয়ে৷ অহা ২২ জানুৱাৰীত প্রাণ প্রতিষ্ঠাৰ পূর্বে চলি থকা ধর্মীয় কার্যসূচী কালিও সমাপন কৰা হয়৷ মন্দিৰ কর্তৃপক্ষই প্রকাশ কৰা মতে, অহা ২২ জানুৱাৰীলৈকে মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ ৰখা হ’ব৷ প্রাণ প্রতিষ্ঠা উৎসৱ সমাপন হৈ যোৱাৰ পিছত পৰৱর্তী দিনতহে এই দুৱাৰ ভক্তৰ বাবে মুকলি কৰা হ’ব৷

You might also like