নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২২ জানুৱাৰী, ২০২৪ এটা তাৰিখ নহয়, ই নতুন কালচক্রৰ আৰম্ভণি : মোদী

🔹 ৰাম সমাধান, বিবাদ নহয়

🔹 প্রাণ প্রতিষ্ঠাৰ পাছত দেশবাসীক সম্বোধন প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ

বিশেষ বাৰ্তা, ২২ জানুৱাৰী : অযোধ্যাৰ ৰাম মন্দিৰত বৈদিক নিয়মেৰে বালক ৰামৰ মূর্তিত প্রাণ প্রতিষ্ঠাৰ পিছত দেশবাসীক সম্বোধন কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ নিজৰ মনৰ আধ্যাত্মিক ভাব প্রকাশ কৰি দেশত ভগৱান ৰামৰ প্রাসংগিকতাক সজোৰে উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়– শতিকা ধৰি ধৈর্য দেখুওৱা আৰু ত্যাগৰ বিনিময়ত আজি আমাৰ ৰাম লালা উভতি আহিছে৷ ২২ জানুৱাৰী, ২০২৪ কেৱল এটা তাৰিখ নহয়, ই হ’ব নতুন কালচক্রৰ আৰম্ভণি৷ এই কালচক্র উদ্দামৰ সময়৷ তদুপৰি ৰাম মন্দিৰ নির্মাণে অগ্নি বৰষিব বুলি একাংশই কৰা মন্তব্যক কটাক্ষ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে তেওঁলোকে বিবেচনা কৰা উচিত যে ৰাম এক শক্তি, অগ্ণি নহয়৷ ৰাম সমাধান, বিবাদ নহয়৷ ৰাম দেশৰ আস্থা, দেশৰ আইন আৰু ৰাম আধ্যাত্মিক৷ আনহাতে প্রধানমন্ত্রীগৰাকীয়ে ৰামলালাৰ প্রাণ প্রতিষ্ঠাৰ সময়ত গর্ভগৃহত থকাৰ সময়ত তেওঁৰ হূদয় কম্পিত হৈ থকাৰ প্রসংগ উল্লেখ কৰি ভাষণৰ সময়ছোৱাতো আধ্যাত্মিক সেই সময়খিনিৰ পৰা নিজকে আঁতৰাই আনিবলৈ সক্ষম নোহোৱা বুলি উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়ে কয়- অযোধ্যাত ৰামলালাৰ প্রাণ প্রতিষ্ঠাই পৰৱর্তী হাজাৰ বছৰৰ কাৰণে ভাৰতৰ ভেটি গঢ়িলে৷ মন্দিৰ নির্মাণ কৰাটো সক্ষমতা, বিশাল আয়োজন আৰু ভাৰতৰ কাৰণে স্বর্গীয় মুহূর্ত৷ ভাৰতীয় সমাজৰ পৰিপক্বতাৰ প্রতিফলন ৰাম মন্দিৰৰ নির্মাণ৷ এই সময়ত সকলোৱে উচ্ছ্বসিত হৈ থকাই নহয়, মানৱ জাতিও উদ্বেলিত হৈছে৷ ৰামৰ অস্তিত্বক লৈ প্রশ্ণ সোধাসকলক ৰামৰ প্রাসংগিকতাক সোঁৱৰাই দি প্রধানমন্ত্রী মোদীয়ে আইনৰ আধাৰত মন্দিৰ নির্মাণ কৰিবলৈ দিয়া ন্যায়ৰ বাবে উচ্চতম ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰে৷ এতিয়াৰে পৰা ৰামলালা তম্বুৰ ভিতৰত নহয়, বিশাল মন্দিৰৰ ভিতৰত থাকিব৷ সাগৰৰ পৰা সৰজু নদীলৈকে ভ্রমণৰ তেওঁ সুযোগ লাভ কৰিছে৷ সাগৰৰ পৰা সৰজুলৈ ৰাম নামৰ উদ্যমতা সকলোতে তেওঁ দেখিবলৈ পাইছে৷ বিগত কেইবাবছৰ ধৰি মন্দিৰ নির্মাণ কৰিবলৈ সক্ষম নোহোৱা বাবে ভগৱান ৰামক ক্ষমা প্রার্থনা কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ভগৱান ৰামে তেওঁলোকক ক্ষমা কৰি দিব আৰু বহু সময়ৰ ব্যৱধানত আজি মন্দিৰ নির্মাণ হোৱাটোৱে ৰামভক্তসকলক উজ্জীৱিত কৰি তুলিব৷ অতীততকৈ দেশৰ ভৱিষ্যৎ অধিক ভাল হ’বলৈ গৈ আছে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে ৰাম মন্দিৰ নির্মাণৰ সৈতে জড়িত সাধাৰণ শ্রমিকৰ পৰা বিষয়ালৈকে সকলোকে কৃতজ্ঞতা আৰু শুভেচ্ছা জ্ঞাপন কৰে৷ পৱিত্র চহৰ অযোধ্যাত নির্মিত ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠা অতুলনীয় আৰু আৱেগিক মুহূর্ত বুলি ভাষণৰ আৰম্ভণিতে প্রধানমন্ত্রী মোদীয়ে জয় শ্রীৰাম ধ্বনিৰে সমাগতক আদৰণি জনায়৷ প্রধানমন্ত্রী মোদীয়ে কয়– মই বিশ্বাস কৰোঁ যে আজি অভাৱনীয় আস্থা জাগি উঠিছে৷ প্রভু ৰামৰ ভক্তসকলে এই ঐতিহাসিক ক্ষণত নিজকে বিলীন কৰি দিছে৷ প্রভু ৰামৰ প্রতিগৰাকী ভক্তই দেশৰ প্রান্তে প্রান্তে, বিশ্বৰ প্রান্তে প্রান্তে এই ঐতিহাসিক মুহূর্তটোক আন্তৰিকভাৱে অনুভৱ কৰিছে৷ স্বর্গীয় এই মুহূর্তটি সকলোৰে বাবে ঐতিহাসিক ক্ষণ হ’ল৷ এই মুহূর্তটো অর্থাৎ ভক্তিময় পৰিৱেশত ভগৱান ৰামৰ আশীর্বাদপুষ্ট হৈছোঁ আমি সকলোৱে৷ উল্লেখ্য যে আজি ৰাম মন্দিৰৰ প্রাণ প্রতিষ্ঠাৰ পূর্বে প্রধানমন্ত্রী মোদীয়ে ১১ দিনীয়া ধর্মীয় কার্যসূচীৰে দেশৰ বিভিন্ন প্রান্তৰ মন্দিৰ আৰু তীর্থ দর্শন কৰি ভগৱান ৰামক প্রার্থনা জনায়৷ ১১ দিন ধৰি উপবাসে থকা প্রধানমন্ত্রী মোদীয়ে আজি অযোধ্যাৰ ৰাম মন্দিৰত প্রাণ প্রতিষ্ঠাৰ মূল পূজা সম্পন্ন কৰি উপবাস ভংগ কৰে৷

You might also like