নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বছা ভৰলুৱাৰ ট্ৰেজিক বাছ দুৰ্ঘটনাৰ ভুক্তভোগীক আৰ্থিক চেক প্ৰদান মুখ্যমন্ত্ৰীৰ

বিশেষ বাৰ্তা, ২৩ জানুৱাৰীঃ দেশ কঁপাই যোৱা দেৰগাঁৱৰ বালিজানত সংঘটিত শোকাবহ পথ দুৰ্ঘটনাত মৃত্যু হোৱা কমাৰবন্ধাৰ বছা ভৰলুৱা গাঁৱৰ ১১জন ব্যক্তিৰ বাসগৃহত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। গাঁওখনৰ শোকসন্তপ্ত পৰিয়ালৰ কাষত থিয় হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ দুখৰ সমভাগী হোৱাৰ লগতে নিহত প্ৰতিজন ব্যক্তিৰ পৰিয়াললৈ আঢ়ৈ লাখকৈ টকা অনুদান আগবঢ়াই চেক প্ৰদান কৰে। মন্ত্ৰী অজন্তা নেওগ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন, দেৰগাঁৱৰ বিধায়ক ভবেন্দ্ৰ নাথ ভড়ালীৰ সৈতে বছা ভৱলুৱা গাঁৱত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰতিজন নিহত লোকৰ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰি শোকৰ সমভাগী হোৱাৰ লগতে দূৰ্ঘটনাটোত আহতসকলৰ উন্নত চিকিৎসাৰ ব্যৱস্থাৰ লগতে আশু আৰোগ্য কামনা কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে আহত সকলক স্থানীয় বিধায়িকা তথা বিত্তমন্ত্ৰী অজন্তা নেওগৰ সৈতে আলোচনা কৰি যিকোনো সহায় সহযোগৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাইছে । দুৰ্ভগীয়া পৰিয়াল তথা গাওঁবাসীক সমবেদনা জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বালিজানৰ এই শোকাৱহ দুৰ্ঘটনাটোত বছা ভৰলুৱা গাঁৱৰ ১১জনকৈ লোকৰ মৃত্যু আৰু প্ৰায় ৪০গৰাকী লোক আহত হোৱা ঘটনাই ৰাজ্যৰখনৰ বাবে আছিল অত্যন্ত দুখজনক খবৰ। নতুন বছৰৰ আৰম্ভণিতে সংঘটিত এই দূৰ্ঘটনাটোৱে কেৱল বছা ভৰলুৱাতে নহয় সমগ্ৰ অসমতে বেদনা আৰু শোকৰ ছাঁ পেলাইছিল। এই ঘটনাই বছা ভৰলুৱাৰ প্ৰায় প্ৰতিজন লোকৰ পৰিয়ালক অথবা আত্মীয় স্বজনক শোকাহত কৰি তুলিছিল। তেওঁ লগতে কয় যে, সেই সময়ত তাৎক্ষণিকভাৱে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাইজৰ কাষত থিয় হ’ব পৰা নাছিল যদিও স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, বিত্ত মন্ত্ৰী অজন্তা নেওগ, কৃষি মন্ত্ৰী অতুল বৰাকে ধৰি বিধায়ক, দলীয় কৰ্মীসকল শোকগ্ৰস্থ পৰিয়ালযৰ কাষত থিয় হৈ দুখৰ সমভাগী হৈছিল। ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সেইসময়ত টেলিফোনযোগে মুখ্যমন্ত্ৰীৰ সৈতে যোগাযোগ কৰি দূৰ্ঘটনাৰ সবিশেষ জনাৰ লগতে গভীৰ শোক প্ৰকাশ কৰিছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰধানমন্ত্ৰীয়ে দূৰ্ঘটনাটোৰ পাছতে তাৎক্ষণিক ভাবে নিহত সকললৈ ২ লাখ আৰু আহত সকললৈ ৫০ হাজাৰ টকা এককালীন সাহাৰ্যৰ কথা ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে ভবিষ্যতে এনেকুৱা ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ প্ৰতি চৰকাৰে তীক্ষ্ণ দৃষ্টি ৰাখিব আৰু ৰাইজেও এই ক্ষেত্ৰত সতৰ্ক হৈ থাকিব লাগিব। বছা ভৰলুৱা গাঁৱত ৰাইজৰ কিবা সমস্যা থাকিলে মুখ্যমন্ত্ৰীগৰাকীক অৱগত কৰিবলৈ আহ্বান জনায় বিপদৰ সময়ত সদায় বছা ভৰলুৱা গাঁৱৰ ৰাইজৰ কাষত থিয় হৈ থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৰাইজক আশ্বাস প্ৰদান কৰে । ইফালেদি, গাওঁখনত মুখ্যমন্ত্ৰীৰ আগমনক লৈ ৰাইজে সন্তুষ্টি প্ৰকাশ কৰে। ৰাইজৰ এনে দুখৰ সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁলোকৰ কাষত থিয় হৈ সমভাগী হোৱাত ৰাইজে বঙহক হেৰুৱাৰ শোকৰ মাজতো বহু সাহস পোৱা বুলি সাংবাদিকৰ আগত মত ব্যক্ত কৰে। উল্লেখযোগ্য যে শোকাবহ দূৰ্ঘটনাটোত গাঁওখনৰ দিপালী শইকীয়া (৩৬), শুভাংকৰ শইকীয়া (১৩), অনিমা শইকীয়া (৬২), পিংকী শইকীয়া (৪০), নিহাৰিকা শইকীয়া (১০), নৱজিত শইকীয়া (৪৮), পাপৰি বৰা (১৬), সোনেশ্বৰ শইকীয়া (৩৫), মৃদুল বৰা,(৩০, বাচ চালক), আৰু বঙাইগাঁৱৰ নুৰ আলম হক (৩৪, ট্ৰাক চালক)। আনহাতে নিত্যানন্দ বৰা (৪৮) আৰু প্ৰিন্সিপিয়া বৰা (৭) মৃত্যু হৈছিল।

প্ৰেৰক দিগন্ত কুমাৰ বৰা

You might also like