নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ জানুৱাৰীঃ আজি আকৌ এছ টি এফে এক বৃহত সফলতা লাভ কৰে। চুবুৰীয়া ৰাজ্যৰ পৰা কেঁচা ৰবৰৰ তলত লুকুৱাই ৰখা গাঞ্জা কঢ়িয়াই অনা এখন ট্ৰাক আজি পুৱা গুৱাহাটী মহানগৰীৰ বেহাৰবাৰীত এছটিএফৰ মুৰব্বী পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত এটা দলে আটক কৰে। উক্ত অভিযানত ৪০০০ কেজি গাঞ্জা জব্দ কৰা হয়। লগতে দুগৰাকী লোকক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰ কৰা লোক দুজন ক্ৰমে ৰাজু শৰ্মা (৪৬) আৰু বিশ্বজিৎ দাস (২৯)।
You might also like