নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত কৃষি যন্ত্ৰপাতি বিতৰণ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ জানুৱাৰীঃ কামৰূপ জিলা কৃষি বিষয়া কাৰ্যালয় চৌহদত আজি উদ্যান শস্য অভিযান আঁচনি (HMNEH)ৰ অধীনত যোগ্য কৃষক হিতাধিকাৰীৰ মাজত কৃষিকাৰ্যৰ সৈতে জড়িত বিভিন্ন ধৰণৰ যন্ত্ৰপাতি আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। আজি অনুষ্ঠিত এখন সভাত দিছপুৰৰ বিধায়ক অতুল বৰাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নিজৰ ভাষণত কয় যে দিছপুৰ সমষ্টিৰ বৃহৎ পথাৰবোৰ লাহে লাহে সংকুচিত হৈ আহিছে। অৱশ্যে মালয়বাৰী অঞ্চলটোৱে এতিয়াও ‘মিনি পাঞ্জাৱ’ বুলি নিজৰ সুকীয়া পৰিচয় ৰক্ষা কৰি আছে। আগলৈও যাতে এনেদৰেই কৃষকসকলে কৃষিকৰ্ম অব্যাহত ৰাখে তাৰ প্ৰতি তেওঁ আহ্বান জনায়। কৃষিত অত্যধিক সাৰ প্ৰয়োগ সন্দৰ্ভত সংশয় ব্যক্ত কৰি পাঞ্জাৱৰ বিঘাই বিঘাই ভূমি এতিয়া এনেই পৰি ৰোৱাৰ কথাও ব্যক্ত কৰে বিধায়কগৰাকীয়ে। কামৰূপ জিলা কৃষি বিভাগৰ মহকুমা কৃষি বিষয়া (উদ্যান শস্য) গিৰীন্দ্ৰ কুমাৰ শৰ্মাৰ সামগ্ৰিক তত্ত্বাৱধানত অনুষ্ঠিত সভাখনত জিলা কৃষি বিষয়া ধীৰেন্দ্ৰ নাথ কাৰ্জীয়ে উপস্থিত কৃষকসকলক উদ্দেশ্যি কয় যে যিসকলে আজি এই যন্ত্ৰপাতিসমূহ লাভ কৰিছে তেওঁলোকে যাতে ইয়াৰ সদ্ব্যৱহাৰ কৰে আৰু অকল নিজেই নহয় ওচৰৰ আন মানুহকো প্ৰয়োজনত যাতে সেইবোৰ ব্যৱহাৰ কৰিবলৈ দিয়ে তাৰে অনুৰোধ জনায়। এই যন্ত্ৰপাতিসমূহ ব্যৱসায়িকভিত্তিত সুপ্ৰয়োগ কৰি লাভৱান হ’বলৈও তেখেতে হিতাধিকাৰীসকলক আহ্বান জনায়। কামৰূপ মেট্ৰ’ কৃষি বিভাগৰ অন্তৰ্গত বিভিন্ন কৃষি চক্ৰৰ ২৫গৰাকী হিতাধিকাৰীক পিঠাগুৰি কৰা যন্ত্ৰ পালভেৰাইজাৰ, ৩০গৰাকীক খেৰ কটা যন্ত্ৰ চাফ কাটাৰ, ১০গৰাকীক ঘাঁহ কটা যন্ত্ৰ ব্ৰাছ কাটাৰ আৰু ৪টা সৌৰশক্তিৰ দ্বাৰা পৰিচালিত শস্য শুকোৱা যন্ত্ৰ ছ’লাৰ বাবল ড্ৰায়াৰ বিতৰণ কৰা হয়। সামগ্ৰী বিতৰণ অনুষ্ঠানত আন এগৰাকী অতিথিৰ আসন শুৱনি কৰে আই পি এমৰ উপ-সঞ্চালক উৎপল দাসে। অনুষ্ঠানত মহকুমা কৃষি বিষয়া ক্ৰমে মৌচুমী হাজৰিকা, মানস মহন্ত, কিশোৰ তালুকদাৰ, সহকাৰী কৃষি সঞ্চালক স্বপ্নালী বৰুৱা, কৃষি পৰিদৰ্শক গোপীনাথ ৰাজবংশী প্ৰমুখ্যে কৃষি বিষয়া কাৰ্যালয়ৰ বিভিন্ন বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

You might also like