নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ ঐতিহ্যমণ্ডিত নলবাৰীৰ শ্ৰীশ্ৰীহৰিমন্দিৰৰ প্ৰাংগনত পূৰ্বে স্থাপিত শিৱ মন্দিৰ, কালী মন্দিৰ, হনুমান মন্দিৰ আৰু যজ্ঞকুণ্ডৰ নৱনিৰ্মাণৰ লগতে নতুনকৈ নিৰ্মাণৰ সিদ্ধান্ত লোৱা মংগল মূৰ্তিস্বৰপ এটি গণেশ মন্দিৰ, হৰিমন্দিৰৰ প্ৰৱেশ তোৰণ, প্ৰস্থান তোৰণ, ৰঙ্গমঞ্চৰ তোৰণ আৰু চাৰিসীমাৰ পকীবেৰ নির্মাণৰ উদ্দেশ্যে আজি ভূমি পূজন কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে মন্দিৰ পৰিছালনা সমিতিৰ সভাপতি, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। মাঘী পূৰ্ণিমাৰ পৱিত্র তিথিত আয়োজন কৰা সমূহ শুভ কাৰ্যৰ শিলান্যাস কাৰ্যক্ৰম সুকলমে সম্পন্ন হয়।
প্ৰেৰক শ্বাহ আলম আহমেদ